আজিও অৱহেলিত ৪২’ৰ মুক্তিযোদ্ধা জয়নাথ বৰুৱা

আজিও অৱহেলিত ৪২’ৰ মুক্তিযোদ্ধা জয়নাথ বৰুৱা

ডিজিটেল সংবাদ, গোগামুখঃ এদিন দুদিনকৈ দেশে স্বাধীনতা লাভ কৰাৰ ৭১ টা বছৰ পাৰ হ'ল। এই স্বাধীনতাত নিহিত হৈ আছে বহু সংগ্ৰামীৰ ত্যাগ আৰু বলিদান। প্ৰতি বছৰে ১৫ আগষ্টত সমগ্ৰ দেশে স্মৰণ কৰি আহিছে সেইসকল মহান সংগ্ৰামীক।

এইবাৰো সেই বিশেষ দিনটোৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো চলিছে পূৰ্ণ প্ৰস্তুতি। ইয়াৰ মাজতে ধেমাজি জিলাৰ এগৰাকী স্বাধীনতা সংগ্ৰামীয়ে অশেষ কষ্টৰে জীৱন-যাপন কৰিবলগীয়া হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

দেশৰ স্বাধীনতা আন্দোলনলৈ বৰঙণি আগবঢ়ায়ো স্বাধীনতা লাভৰ পিছত অৱহেলিত হৈ অহা এইগৰাকী মুক্তিযোদ্ধাৰ হৈছে জিলাখনৰ বৰদলনিৰ বাহকটিকা গাঁৱৰ জয়নাথ বৰুৱা। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা মুক্তিযোদ্ধা জয়নাথ বৰুৱাৰ খবৰ ল'বলৈ আজি পৰ্যন্ত আহৰি পোৱা নাই ৰজাঘৰীয়াই।

১৯৩১ চনত জন্মগ্ৰহণ কৰা মুক্তিযোদ্ধাগৰাকীক চৰকাৰে স্বাধীনতা সংগ্ৰামী হিচাপে স্বীকৃতিও প্ৰদান কৰিছিল। পিছে সেই স্বীকৃতি কেৱল স্বীকৃতি হৈয়ে ৰৈছে। বছৰৰ পিছত বছৰ ১৫ আগষ্ট, ২৬জানুৱাৰী আহিছে আৰু গৈছে। বিপৰীতে সেই আগৰ দৰেই অতীত সুঁৱৰি যন্ত্ৰণাকাতৰ জীৱন কটাই গৈছে মুক্তিযোদ্ধাগৰাকীয়ে।

মুক্তিযোদ্ধাগৰাকীক এনেদৰে বছৰ পিছত বছৰ ধৰি চৰকাৰ-প্ৰশাসনে অৱহেলা কৰি অহাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। সমাগত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ক্ষোভিত ৰাইজে শীঘ্ৰে চৰকাৰ-প্ৰশাসনক মুক্তিযোদ্ধাগৰাকীক প্ৰাপ্য সন্মান প্ৰদান কৰিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in