দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত শিল-বালিৰ মুক্ত খননঃ অবৈধ শিল খনন, সৰবৰাহত ব্যৱহৃত জেচিবি,ট্ৰাকসহ আটক দুজন

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত শিল-বালিৰ মুক্ত খননঃ  অবৈধ শিল খনন, সৰবৰাহত ব্যৱহৃত জেচিবি,ট্ৰাকসহ আটক দুজন

ডিজিটেল সংবাদ নামৰূপঃ দিহিং পাটকাই অভয়াৰণ্যক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ পিছৰে পৰা   ক্ৰমাৎ বৃদ্ধি পাইছে শিল,বালিৰ অবৈধ খনন আৰু চোৰাং কাঠৰ বেহা, বন ভূমি আগ্ৰাসন । ১০ মাৰ্চৰ নিশা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কঠালগুৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ হুগৰীপথাৰ এলেকাত নামচাং নদীত এখন জেচিবিয়ে অবৈধভাৱে শিল খনন কৰি ট্ৰাকত ল'ড কৰি থকাৰ খবৰ বন বিভাগে লাভ কৰে। ইয়াৰ  পিছতেই জয়পুৰ বনাঞ্চলিক বিষয়া পুষ্পধৰ বুঢ়াগোহাঁইৰ নেতৃত্বত জয়পুৰ ৰেঞ্জ আৰু কঠালগুৰি বন খণ্ড কাৰ্যালয়ৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ হাতেলোটে এখন জেচিবি আৰু এখন ট্ৰাকসহ দুজন চালকক আটক কৰে।

নিশা আটক কৰা দুই চালক ক্ৰমে জেচিবিৰ চালক মাঘেৰিটাৰ লিডুৰ নিবাসী ৰাজু হাজং আৰু ট্ৰাক চালক জয়পুৰ লেবাংকোলাৰ নিবাসী কালু ওৰাঙক জয়পুৰ আৰক্ষীৰ জিম্মাত ৰাখে । জব্দ কৰা এ এচ-২৩-চিচি-৫৬২৪ নম্বৰৰ  এস্কেভেটৰ খন আৰু  এ এচ -২৩-বি-৩৫৮৪ নম্বৰৰ ট্ৰাক খন জয়পুৰ বন পৰিদৰ্শন বঙলাত বন বিভাগৰ জিম্মাত ৰখা হৈছে। ইতিমধ্যে বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ ৰ অধীনত জেপি-৩০ নম্বৰৰ এক গোচৰ ৰুজু কৰি ধৃত দুই চালকক শুকুৰবাৰে বিয়লি নাহৰকটীয়া মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয়।

আদালতে দুয়ো চালকক জেল হাজোতলৈ প্ৰেৰণ কৰে। আনহাতে বুঢ়ীদিহিং নদীৰ ওপৰত থকা টিপাম-জয়পুৰ সংযোগী  দলঙৰ নিচেই কাষতে একাংশ বালি মাফিয়াই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত ডিগবৈ বন সংমণ্ডলৰ অধীনত নিতৌ অবৈধভাৱে বালি খনন কৰি আছে । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাৰ টিপাম দলঙৰ সমীপত বন বিভাগে বালি খনন বন্ধ কৰাৰ নিৰ্দেশ দিছিল।

ইয়াৰ উপৰিও নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়েও ডিগবৈ বন সংমণ্ডলৰ অধীনত থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাত বালি খনন বন্ধ কৰিবলৈ  ডিগবৈ বন সংমণ্ডলক কাঢ়া  নিৰ্দেশ দিছিল । লক্ষণীয় যে   মাফিয়াই  বিভাগীয় কর্তৃপক্ষক মেনেজ কৰি পথ নিৰ্মাণৰ নামত অনুমতি পত্ৰ উলিয়াই অবৈধভাৱে বালি খনন কৰা কাৰ্যই অলেখ প্ৰশ্নৰ অৱতাৰণা কৰিছে। লগতে অশণি সংকেত কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰিৱেশলৈ।

বিধায়কৰ কাঢ়া নিৰ্দেশনাৰ পিছতো বালি মাফিয়াই বুঢ়ীদিহিং নৈত বালি খনন কৰি সৰবৰাহ কৰি থকা অৱস্থাত অলপতে এ এছ ০৬ বি চি ৯৫১২ নম্বৰৰ এখন বলেৰ' পিকআপ ভান জয়পুৰ আৰক্ষীয়ে জব্দ কৰিছিল।
। বন বিভাগৰ নিৰ্দেশনা অনুসৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাত লঘু খনিজ সম্পদ খনন কৰিব নোৱাৰে যদিও বালি মাফিয়াই দীৰ্ঘদিন অবৈধভাৱে বালি খনন কিদৰে কৰি আছে সেইলৈ ৰাইজৰ সন্দেহৰ সৃষ্টি হৈছে ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰীৰ ওপৰত। 

সততে বালি মাফিয়াৰ লগত মিতিৰালি কৰি চকু মুদা কুলিৰ ভাও ধৰা বন বিভাগৰ বিৰুদ্ধে অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ব্যৱস্থা ল'বনে, নে এচাম ক্ষমতা আৰু ধনলোভী লোকৰ হৈ থম থম মদন গোপালৰ চৰিত্ৰ বজায় ৰাখিব সেইয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in