সঁচাকৈয়ে স্বাধীনতা আহিল গজানন্দ শৰ্মালৈহে!

সঁচাকৈয়ে স্বাধীনতা আহিল গজানন্দ শৰ্মালৈহে!

ডিজিটেল ডেস্কঃ ৩৬ বছৰ আগতেই জয়পুৰৰ পৰা সন্ধানহীন হৈছিল মানুহজন। তেওঁক বিচাৰি পৰিয়ালৰ লোকে ক'লৈ যোৱা নাছিল। প্ৰায় ৩ দশক ধৰি তেওঁৰ সন্ধান পোৱা নাছিল ঘৰৰ মানুহে। কেইবছৰ মানৰ পূৰ্বে তেওঁৰ সন্ধান ওলাইছিল।

লাহোৰৰ চেণ্ট্ৰেল জে'লত  আছে গজানন্দ শৰ্মা। সোমবাৰে তেওঁ উভতি আহিল। ৱাঘা সীমান্তয়েইদি প্ৰবেশ কৰিলে ভাৰতত। পাকিস্তান চৰকাৰে ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মুকলি কৰি দিছিল ২৯জন ভাৰতীয় কাৰাবন্দীক।

পাকিস্তানত বন্দী হৈ থকা সেই কাৰাবন্দীসকলৰ মাজত আছিল ২৬জন মাছমৰীয়া। এতিয়া গজানন্দৰ বয়স ৬৮ বছৰ। যেতিয়া তেওঁ সন্ধানহীন হৈছিল, বয়স আছিল ৩২। এয়াও আছিল এক দীঘলীয়া কাহিনী।

চমুকৈ ক'বলৈ হ'লে গজানন্দই ভবাই নাছিল, আকৌ প্ৰিয় ঘৰখনলৈ ঘূৰ আহিব যে পাৰিব। গজানন্দৰ পুত্ৰই পিতৃক চিনাক্ত কৰিছিল। পিতৃক পাই পৰিয়ালটোত এতিয়া আনন্দৰ বন্যা বৈছে।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যেন সঁচাকৈ স্বাধীনতা আহিল গজানন্দৰ জীৱনলৈ। কাৰাগাৰৰ পৰা মুক্ত গজানন্দ এতিয়া বহু সুখী। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাৰাগাৰৰ পৰা স্বাধীন হৈ গজানন্দই পৰিয়ালৰ সৈতে সুখেৰে কটাব খোজে দিনবোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in