তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভা…

তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভা…

ডিজিটেল সংবাদ, বটদ্ৰৱা : তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত সুতিৰপাৰ বন খণ্ড বিষয়াৰ সহযোগত দেওবাৰে এখনি বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। সুতিৰপাৰ বন খণ্ড বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এই চিকিৎসা শিৱিৰত চিকিৎসক ডাঃ ৰিজাউল হাচানে বন কৰ্মী সকলৰ লগতে অঞ্চলটোৰ শতাধিক লোকক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই।

চিকিৎসা শিৱিৰৰ প্ৰাকমুহূৰ্তত এখনি সজাগতা সভা অনুষ্ঠিত হয়। তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ সভাপতি মিজানুল ইছলামে আঁত ধৰা অনুষ্ঠানটিত সুতিৰপাৰ বন খণ্ডৰ বন কৰ্মী জেহিৰুল ইছলাম, মিণ্টু আলী প্ৰফুল্ল চন্দ্ৰ বৰা, চাদিকুল ইছলামকে প্ৰমুখ্য কৰি শতাধিক লোক উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in