প্ৰয়াস অধ্যয়ন চক্ৰৰ সৌজন্যত কাজিৰঙাত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং…

প্ৰয়াস অধ্যয়ন চক্ৰৰ সৌজন্যত কাজিৰঙাত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং…

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ অগ্ৰণী শৈক্ষিক-সামাজিক-সাংস্কৃতিক অনুষ্ঠান প্ৰয়াস অধ্যয়ন চক্ৰৰ সৌজন্যত, বোকাখাত জাতীয় বিদ্যালয়ৰ উদ্যোগত আৰু কাজিৰঙাৰ কঁহৰাস্থিত শিক্ষানুষ্ঠান ৰাইজিং চান ইংলিছ স্কুলৰ সহযোগত ১৪ মে'ৰ পৰা ১৭ মে'লৈ ৰাইজিং চান ইংলিছ স্কুলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ অনাগত শৈক্ষিক যাত্ৰাত সহায়ক হোৱাকৈ আগবঢ়োৱা হৈছে "বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিঙ"ৰ বিশেষ কাৰ্যসূচী। উক্ত কেৰিয়াৰ কাউন্সেলিঙত কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পাঠদানৰ ব্যৱস্থা কৰা হৈছে।

শনিবাৰে এইলৈ কাজিৰঙাৰ কঁহৰাস্থিত ৰাইজিং চান বিদ্যালয়ত অনুষ্ঠিত হয় শুভ উদ্ধোধনী কাৰ্যসূচীৰ। অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা লেখিকা নিজৰা বৰঠাকুৰে। কাৰ্যসূচীত কাজিৰঙা অঞ্চলৰ আগশাৰীৰ বিদ্যালয় ক্ৰমে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়, কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুল, ৰাইজিং চান হাইস্কুল,কঁহৰা , কাজিৰঙা গাৰ্লছ হাইস্কুল, কাজিৰঙা শংকৰদেৱ শিশু নিকেতন আদিৰ শিক্ষান্ত পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

উদ্বোধনী সভাত উপস্থিত থাকি ৰাইজিং চান হাইস্কুলৰ সভাপতি দিলীপ দাস, অভিভাৱক সদস্য হিতেশ্বৰ বৰাই শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায় কয় যে, বোকাখাত জাতীয় বিদ্যালয়ে লোৱা এই বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানটিয়ে সমগ্ৰ অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক বহুধৰণে লাভাম্বিত কৰিব। লগতে এই প্ৰচেষ্টা আগবঢ়োৱাৰ বাবে প্ৰয়াস অধ্যয়ন চক্ৰৰ শলাগ লয়।

অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে ৰাইজিং চান হাইস্কুলৰ প্ৰধান শিক্ষক তথা বিশিষ্ট সাংবাদিক দেৱাশিষ বৰুৱাই। অনুষ্ঠানৰ আঁত ধৰি প্ৰয়াসৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহে বক্তব্যত কয় যে আজিৰ পৰিস্থিতিত কেৰিয়াৰ কাউন্সিলৰ নামতো এখন বৃহৎ বজাৰ সৃষ্টিত নামি পৰিছে একাংশ অসাধু শিক্ষা ব্যৱসায়ীয়ে । ইয়াৰ বিপৰীতে প্ৰয়াস অধ্যয়ন চক্ৰ তথা বোকাখাত জাতীয় বিদ্যালয়ে অঞ্চলটোৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সামৰি এই "কেৰিয়াৰ কাউন্সেলিঙৰ" অভিযান মুকলি কৰিছে। কাজিৰঙাৰ পৰা আৰম্ভ কৰি ৰঙামাটিলৈকে পাঁছটা ভাগত বিভক্ত কৰি এই শিক্ষা শিবিৰ মুকলি কৰা হৈছে বুলি ঘোষণা কৰে।

অনুষ্ঠানৰ হৈ প্ৰশিক্ষক ভাৰ্গৱ গগৈ,মানস বৰা,পিযুষ কলিতা,ৰনাল্ড সোনাৰে জানিবলৈ দিয়া মতে দৈনিক বিয়লি ২ বজাৰ পৰা ৪ বজালৈ থাকিব এই ৪ দিনীয়া কেৰিয়াৰ কাউন্সেলিঙৰ ব্যৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in