বটদ্ৰৱাৰ বৰভেটি গাঁৱত প্ৰবঞ্চক আটক…

বটদ্ৰৱাৰ বৰভেটি গাঁৱত প্ৰবঞ্চক আটক…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটি গাঁৱত আজি সোণ ধোৱাৰ নামত গাঁৱৰ মহিলাক ঠগি অহা এটা প্ৰবঞ্চক আটক হয়। বিভিন্ন সময়ত গাঁৱৰ মহিলাসকলৰ সৰলতাৰ সুযোগ লৈ ফেৰীঁৱালাকে আদি কৰি বিভিন্ন প্ৰবঞ্চকে প্ৰবঞ্চনা কৰি আহিছে।

নগাওঁ জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটি গাঁৱত আজি বিহাৰৰ কাটিহাৰৰ ৰমেশ কুমাৰ নামৰ এটা প্ৰবঞ্চকে থুনু বৰুৱা নামৰ এগৰাকী মহিলাই সোণৰ গহনা ধুৱলৈ দিওঁতে ডিঙিৰ চেইনৰ পৰা কৌশলেৰে সোণ কাঢ়ি নিয়াৰ চেষ্টা কৰে। পাছত গৃহস্থৰ সন্দেহ হোৱাত ৰমেশ কুমাৰক আটক কৰে। আটক কৰি বটদ্ৰৱা আৰক্ষীক চমজাই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in