ভাৰত-ফ্ৰান্সৰ সম্পৰ্ক হ’ব আৰু অধিক সুদৃঢ়ঃ বিদেশ মন্ত্ৰী জিন-ৱাইভেছ লে ড্ৰিয়ান

ভাৰত-ফ্ৰান্সৰ সম্পৰ্ক হ’ব আৰু অধিক সুদৃঢ়ঃ বিদেশ মন্ত্ৰী জিন-ৱাইভেছ লে ড্ৰিয়ান

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত আহি উপস্থিত হোৱা ফ্ৰান্সৰ বিদেশ মন্ত্ৰী জিন-ৱাইভেছ লে ড্ৰিয়ানে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক বৈঠকত মিলিত হয়। বিদেশ মন্ত্ৰী ড্ৰিয়ানে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰা, পৰ্যটন, টেলিভিছন আৰু ছবিজগতৰ ক্ষেত্ৰকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত বহে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে।

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে মুম্বাইত আহি উপস্থিত হৈছিলহি ফ্ৰান্সৰ বিদেশ মন্ত্ৰীগৰাকী। আৰু তাৰপাছতেই মিলিত হৈছিল ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ সৈতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in