৬৪ হাজাৰৰ পৰা ৫০ কোটি টকীয়া কোম্পানীৰ মালিক! কেনেকৈ? ক’ব প্ৰতীক গুপ্তাই…

৬৪ হাজাৰৰ পৰা ৫০ কোটি টকীয়া কোম্পানীৰ মালিক! কেনেকৈ? ক’ব প্ৰতীক গুপ্তাই…

ডিজিটেল মাৰ্কেটিঙৰ এটা প্ৰতিষ্ঠিত নাম 'FoxyMoron'। ২০০৮চনত এই কোম্পানী স্থাপন কৰিছিল চাৰিজন যুৱকে। তাৰ ভিতৰত অন্যতম প্ৰতীক গুপ্তা। ছ'চিয়েল মিডিয়া মাৰ্কেটিং, ডিজিটেল মিডিয়া প্লেনিং আদি ক্ষেত্ৰত এই প্ৰতিষ্ঠিত কোম্পানীটো আৰম্ভ কৰাৰো এক কাহিনী আছে। সফলতা চমু বাটেৰে অহা নাছিল। ১১ বছৰ বয়সতে চাৰিজন যুৱকে মিলি আৰম্ভ কৰিছিল ডিজিটেল ব্যৱসায়।

চাৰি বন্ধু ক্ৰমে- প্ৰতীক গুপ্তা, পৰিতোশ, সুবীৰ আৰু হৰশীলে মিলি গোৱা ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু সেই ভ্ৰমণলৈ তেওঁলোক নগ'ল। পিতৃৰ পৰা গোৱা ভ্ৰমণলৈ যাবৰ বাবে লোৱা টকাৰ পৰা ১৬০০০ টকাকৈ গোটাই মুঠ ৬৪০০০ টকাৰে আৰম্ভ কৰিছিল এই যাত্ৰা। ডাটা এন্ট্ৰিৰ পৰা আৰম্ভ কৰি ৱেবছাইটৰ ডিজাইনিং, কনটেন্ট যোগান ধৰা সকলো কামেই তেওঁলোকে কৰিছিল।

টি-ছাৰ্টত ল'গ', স্ক্ৰীণ প্ৰিন্টিং কৰাৰ এক কাম লৈছিল তেওঁলোকে। প্ৰায় ১৫০০ৰ পৰা ২০০০ৰ মান টি-ছাৰ্ট আছিল। কিন্তু দুখৰ কথা কাৰিকৰী বিজুতিৰ বাবে সেইবোৰ গ্ৰহণ নকৰিলে এই কাম দিয়া লোকজনে। তেওঁলোকৰ প্ৰায় ডেৰ লাখমান টকা লোকচান হৈছিল এই কামটোত। তাৰপাছত পুনৰ ২৫০০০ টকাকৈ চাৰিওজনে মিলাই আৰম্ভ কৰিছিল নতুন উদ্যমেৰে কাম।

এতিয়া সেই ফ'ক্সিমৰণেই দেশৰ এটা ডিজিটেল মাৰ্কেটিঙৰ উল্লেখযোগ্য নাম। যাৰ মাষ্টাৰ মাইণ্ড প্ৰতীক গুপ্তা। দ্য এডভাৰ্টাইজিং ক্লাৱ, গুৱাহাটীয়ে আয়োজন কৰা স্পিকাৰ ছিৰিজত অংশ ল'বলৈ ১০ এপ্ৰিল, ২০১৯ত গুৱাহাটীলৈ আহিছিল প্ৰতীক গুপ্তা। বৰ্তমান এছ এ বি মিলাৰ গ্ৰুপ, কেষ্ট্ৰোল গ্ৰুপ, ডিস্ক'ভাৰী চেনেল, গ' এয়াৰ, এ এক্স এন, বাৰ্গাৰ কিং, বেনেট ক'ল্ডমেন, ৰাজস্থান ৰয়েলছৰ হৈ কাম কৰে এই কোম্পানীটোৱে।

২০০ৰো অধিক কৰ্মচাৰী আছে তেওঁলোকৰ। ডিজিটেল মাৰ্কেটিঙৰ অধ্যয়ন, বিশ্লেষণ আদিৰ জৰিয়তে নতুন পৰিকল্পনাৰে এই ব্যৱসায়ক আগুৱাই নিছে ফ'ক্সিমৰণে। কোম্পানীটোৰ মুল ব্যক্তি প্ৰতীক গুপ্তাই কেনেদৰে এয়া সম্ভৱ কৰিলে? 'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কে কথা পাতিছিল তেওঁৰ সৈতে। মৃদুল কুমাৰ সন্দিকৈৰ সৈতে প্ৰতীক গুপ্তাৰ সেই বিশেষ কথোপকথন-

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ গুৱাহাটীলৈ স্বাগতম। প্ৰথমে জানিব বিচাৰিম প্ৰতীক গুপ্তা, পৰিতোষ, সুবীৰ বাজাজ আৰু হৰশীল কেৰিয়াই ১১ বছৰ বয়সতে কেনেদৰে আৰম্ভ কৰিছিল ডিজিটেল যাত্ৰা? আমি বহু কথা শুনিছো। ক'ৰবাত ফুৰিবলৈ যোৱা প্লেনিং আছিল। কিন্তু শেষ মুহূৰ্তত এই প্লেনিং বাতিল কৰি আৰম্ভ কৰিছিল ব্যৱসায়। মোৰ সৈতে প্ৰতীক গুপ্তা আছে, তেওঁৰ পৰা তেওঁৰ মুখেৰে শুনিব খোজো এই কাহিনী…

প্ৰতীক গুপ্তাঃ হয়, আমি সকলোৱে তেতিয়া কলেজত পঢ়ি আছিলো। আমি ভাবিলো ফুৰিবলৈ যোৱাৰ পৰিৱৰ্তে কিবা এটা কামকে আৰম্ভ কৰো। যদি এই কামত আমি সফল নহওঁ, তেন্তে বিশেষ একো চিন্তা নাই, কাৰণ আমি এনেও কলেজতেই পঢ়ি থাকিম। আমি বিশেষ একো ভাবি-চিন্তি আৰম্ভ কৰা নাছিলো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ প্ৰথমে বিফলতা। তাৰপাছত সফলতাৰ দৌৰ। ছ'চিয়েল মিডিয়া মাৰ্কেটিং, ডিজিটেল মাৰ্কেটিং, প্লেনিং আৰু অনলাইন ৰিউটেশ্যন মেনেজমেন্টত এতিয়া ফ'ক্সীমৰণ এটা পৰিচিত নাম। সফলতা কেনেদৰে আহিল? তাৰ আঁৰৰ ৰহস্য কি?

প্ৰতীক গুপ্তাঃ ৰহস্য ক'বলৈ গ'লে একো নাই। আপুনি আদবাটতে ৰৈ ক'ব নোৱাৰে যে এইবোৰ আৰু নকৰো বা আগনাবাঢ়ো। আপুনি কেৱল চেষ্টা কৰি যাব লাগিব। আৰু এটা সময়ত সফলতা আহিবই। আৰু আপুনি যথেষ্ট সময়ো দিব লাগিব সফল হ'বলৈ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ২০০৮চনত ফ'ক্সিমৰণৰ জন্ম। অন্যতম আঁৰৰ মানুহ আপুনি অৰ্থাৎ প্ৰতীক গুপ্তা। এই বৃত্তিত সুখীনে? ডিজিটেল বা ছ'চিয়েল মাৰ্কেটিং, প্লেনিঙৰ ব্যৱসায়ৰ ভৱিষ্যৎ কি ধৰণৰ?

প্ৰতীক গুপ্তাঃ মই বহু সুখী এই বৃত্তিক লৈ। এইটো কেৱল ছ'চিয়েল মিডিয়া মাৰ্কেটিং হৈ থকা নাই, এয়া এতিয়া ডিজিটেল মাৰ্কেটিং। আৰম্ভণিৰ পৰা এতিয়ালৈকে ইণ্টাৰনেটে বহু দীঘলীয়া বাট অতিক্ৰম কৰিলে। মই বহু সুখী যে প্ৰতিদিনে মই নতুনকৈ ১৭০০-১৮০০ নতুন ইণ্টাৰনেটৰ ব্যৱসায়ৰ সৈতে মই জড়িত হ'বলৈ সুবিধা পাওঁ। মই সদায় এই বিষয়ে নতুন কথা শিকিবলৈ পাওঁ আৰু ইয়াৰে সমস্যাসমূহ মই সমাধান কৰিব লাগে। মোৰ এই কাম কৰি ভাল লাগে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ফ'ক্সিমৰণৰ বিষয়ে কিছু কথা জানিলো। বহু কেইটা প্ৰতিষ্ঠিত কোম্পানীৰ হৈ আপোনালোকে এই ক্ষেত্ৰখনত কাম কৰি আছে। বিৰলা কেপিটেল, টাৰ্ণাৰ ইন্টাৰনেশ্যনেল, কোষ্ট্ৰেল গ্ৰুপ, ল'অৰেল গ্ৰুপ, ডিস্ক'ভাৰী চেনেল, গ' এয়াৰ, বেন্নেট কোলেমেন ইত্যাদি আপোনালোকৰ ক্লাইন্ট। আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা জানিব বিচাৰো। আপোনাৰ পঢ়া-শুনা আৰু পৰিয়ালৰ সন্দৰ্ভত।

প্ৰতীক গুপ্তাঃ মই নিজকে সৌভাগ্যৱান বুলি ভাবো, কাৰণ মোৰ পৰিয়ালে মোক সদায় সমৰ্থন জনাই আহিছে। মই পঢ়ি থকা সময়তে মোৰ পত্নীক লগ পাইছিলো। তেওঁ বাংগালুৰুত আছিল আৰু মোক প্রশ্ন কৰিছিল যে- কিয় মই এই কাম কৰি আছো? এজন এনে ব্যক্তি যিজনে কোনো ছুটী নোলোৱাকৈ সদায় কাম কৰে তেনে এজন ব্যক্তিৰ সৈতে থকাতো ইমান সহজো নহয়। কিন্তু এই কথা মোৰ পত্নীয়ে কেতিয়াও মোক অনুভৱ হ'বলৈ দিয়া নাই। মোৰ সফলতাৰ আঁৰত তেওঁৰো বহু হাত আছে। আৰু মই সদায় বেলেগ বেলেগ স্থানলৈ যাওঁ কামৰ বাবে। গতিকে পৰিয়ালে যদি সমৰ্থন নজনালে হয় তেন্তে এনে ধৰণৰ কাম কৰাতো সম্ভৱ নহ'লহেঁতেন।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ মানুহক কিছুমান কথা সুধিব নালাগে। কেতিয়াবা নুসুধিও নোৱাৰি। এই মাধ্যমত আপুনি ব্যস্ত থাকিব লাগে। নতুন নতুন চিন্তা-পৰিকল্পনা কৰিব লগা হয়। এই ব্যস্ততাৰ মাজত নিজৰ বাবে পৰিয়ালৰ বাবে সময় ৰয়নে?

প্ৰতীক গুপ্তাঃ আপুনি কিবা এটা বস্তু বা কাৰোবাক সময় দিম বুলি ভাবিলে সময় দিব পাৰিবই। আৰু পৰিয়ালক আপুনি সময় দিবই লাগিব। মই নিজৰ কাম আৰু পৰিয়াল দুয়াটাতেই সময় দিবলৈ চেষ্টা কৰো। মই ভাবো মোৰ সংগ্ৰামেৰ ফল মই পাবলৈ আৰম্ভ কৰিছো। আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় ব্যক্তিসকলক আৰু কামবোৰক সময় দিবই লাগিব।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ অসমত এনেদৰে ডিজিটেল মাৰ্কেটিং, ছ'চিয়েল মিডিয়াৰ জৰিয়তে ব্যৱসায় আগবঢ়াই নিয়াৰ বহু সুযোগ আছে। কিন্তু চকুত লগাকৈ সেই বজাৰখনত কোনো সফল হ'ব পৰা নাই। অসমত কিন্তু এই ক্ষেত্ৰখনত কাম কৰিব বিচৰা বহু লোক আছে। তেওঁলোকৰ প্ৰতি কিবা পৰামৰ্শ?

প্ৰতীক গুপ্তাঃ কাম আৰু পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰক। ইয়াত বহু লোক আছে যিসকলে এই ক্ষেত্ৰখনত কাম কৰিব বিচাৰে। আৰু ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত আগবাঢ়িবলৈ ধৰিছে। এই ক্ষেত্ৰখনত কাম কৰাৰ অৰ্থই হ'ল মানুহৰ সৈতে কথা পতা, আলোচনা কৰা, আৰু ইয়াৰ সৈতে আগবাঢ়ি যোৱা। সময় এতিয়াও পাৰ হৈ যোৱা নাই। যদি আপুনি ভাবিছে যে এই ক্ষেত্ৰখনত কাম কৰিম তেন্তে এতিয়াৰে পৰা কাম কৰা আৰম্ভ কৰক। এতিয়াই যদি আপুনি ডিজিটেল মাৰ্কেটিঙত কাম কৰিব আৰম্ভ কৰে, তেন্তে বহু সুযোগ পাব। আপুনি এই কাম কৰিম বুলি ঠিৰাং কৰক আৰু আগবাঢ়ক। মানুহে প্ৰতিভাৱান লোকক বিচাৰে। আমিও প্ৰতিভাৱান লোকৰ সন্ধানত আছো। যদি ভাবে যে আপোনাৰো সেই প্ৰতিভা আছে তেন্তে আমাৰ সৈতে যোগ দিয়ক।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ফ'ক্সিমৰণ এনে এটা ডিজিটেল এজেন্সী, যাৰ কৰ্ম নিপুনতা, যশস্যা কেৱল ভাৰততে সীমাৱদ্ধ হৈ থকা নাই। এএক্সএন, কেষ্ট্ৰোল, ষ্টাৰ স্পৰ্টছ, ৰাজস্থান ৰয়েলছৰ পৰা আৰম্ভ কৰি সকলোতে বিশ্বাস আৰু আস্থা বুটলিছে। বৰ্তমান কোম্পানীৰ বাৰ্ষিক আয় কিমান?

প্ৰতীক গুপ্তাঃ সাধাৰণে এই ক্ষেত্ৰত আমি আলোচনা নকৰো। এই বছৰত আমাৰ কোম্পানীৰ বাৰ্ষিক আয় প্ৰায় ৫০-৫৫ কোটি টকা। আৰু আশা কৰো এই পৰিমান আগলৈ আৰু অধিক বৃদ্ধি পাব।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ধন্যবাদ আমাক ইমান ব্যস্তৰ মাজতো সময় দিয়াৰ বাবে। বহু কথা জনালে। আপোনাৰ এই কথাখিনি অসমৰ যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণআৰ উৎস হ'ব। পুনৰ অসম আহিলে নিশ্চয় লগ পাম। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক এই সময় দিয়াৰ বাবে ধন্যবাদ।

প্ৰতীক গুপ্তাঃ ধন্যবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in