আৰক্ষীৰ মতে আত্মহত্যা, কণমানি কন্যাই ক’লে- ‘পাপাক দুজন লোকে ডিঙি চেপি ধৰিছিল’

আৰক্ষীৰ মতে আত্মহত্যা, কণমানি কন্যাই ক’লে- ‘পাপাক দুজন লোকে ডিঙি চেপি ধৰিছিল’

ডিজিটেল ডেস্কঃ নয়ডাৰ চেক্টৰ ৯৩ত শনিবাৰে নিজা বাসগৃহতে চিপজৰী লৈ আত্মহত্যা কৰা এজন ব্যক্তিৰ মৃত্যুৰ ঘটনাই নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে। প্ৰাথমিক তদন্ত চলাই আৰক্ষীয়ে এই ঘটনা এক আত্মহত্যা বুলি ঘোষণা কৰাৰ পিছতে মৃত ব্যক্তি জনৰ ৪ বছৰীয়া কন্যাই প্ৰকাশ কৰা ভাষ্যই আৰক্ষীয়ে বন্ধ কৰা ফাইল পুনৰ খোলাবলৈ বাধ্য কৰাইছে।

জানিব পৰা মতে, দেওবাৰে পুৱা বাসগৃহত উদ্ধাৰ হৈছিল সন্তোষ ৰাঘৱ নামৰ লোকজনৰ মৃতদেহ। ব্যক্তিজনৰ মৃত্যু এক আত্মহত্যাৰ ঘটনা বুলি আৰক্ষীয়ে মন্তব্য কৰাৰ পিছতে সন্তোষ ৰাঘৱৰ পৰিয়ালে তেওঁৰ মৃতদেহ অন্তিম সৎকাৰৰ বাবে বুলন্দচহৰলৈ লৈ যায়। কিন্তু পথত তেওঁৰ ৪ বছৰীয়া কন্যাই কয় যে পিতৃক আচলতে দুজন ব্যক্তিয়ে হত্যা হে কৰিছিল।

কন্যাৰ ভাষ্য অনুসৰি, শনিবাৰে সন্ধিয়া দুজন ব্যক্তিয়ে সন্তোষ ৰাঘৱৰ ঘৰত প্ৰৱেশ কৰি একেলগে মদ্যপান কৰে। তাৰ পিছতে এজন ব্যক্তিয়ে দুপাত্তাৰে সন্তোষ ৰাঘৱৰ ডিঙি চেপি হত্যা কৰি তেওঁৰ মৃতদেহ ফেনত ওলমাই আত্মহত্যাৰ ৰূপ দিয়ে। আনহাতে সেই সময়ত শুই থকা শিশুটিয়ে পিতৃক এজন ব্যক্তিয়ে ডিঙি চেপি ধৰা দেখি ভয়তে শুই পৰে। শিশুটিয়ে জানিবলৈ দিয়া মতে পিতৃক হত্যা কৰা ব্যক্তি দুজনৰ এজন শকত আৰু আনজন খীন আছিল।

শিশুটিৰ এই ভাষ্যৰ পিছতে আৰক্ষীয়ে নতুনকৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। সন্তোষ ৰাঘৱৰ মৃতেদহ ইতিমধ্যে মৰণোত্তৰ পৰক্ষীৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৰণোত্তৰ পৰীক্ষাৰ পিছত ঘটনাৰ সত্যাসত্য নিৰূপণ হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in