#MeToo: তদন্তৰ বাবে চৰকাৰে গঠন কৰিলে ন্যায়াধীশৰ বিশেষ কমিটি

#MeToo: তদন্তৰ বাবে চৰকাৰে গঠন কৰিলে ন্যায়াধীশৰ বিশেষ কমিটি

ডিজিটেল ডেস্কঃ নানা পাটেকাৰৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি অভিনেত্ৰী তনুশ্ৰী দত্তই #MeToo আন্দোলনক নতুন মাত্ৰা প্ৰদান কৰাৰ পিছতে বিষয়টোক গুৰুত্বসহকাৰে ল'বলৈ বাধ্য হৈ পৰিছে চৰকাৰ৷ বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰৰ নামো ইয়াৰ সৈতে সাঙোৰ খাই পৰাত চৰকাৰ অধিক তৎপৰ হৈ পৰে৷

শুকুৰবাৰে এই সন্দৰ্ভত মহিলা উন্নয়ন বিভাগৰ মন্ত্ৰী মেনেকা গান্ধীয়ে জনায় যে #MeToo আন্দোলনৰ সৈতে জড়িত নিৰ্যাতনৰ গোচৰসমূহ আগবঢ়াই নিবৰ বাবে চৰকাৰে ন্যায়াধীশৰ এখন বিশেষ কমিটি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এনেধৰণৰ প্ৰতিটো গোচৰেই গুৰুত্বসহকাৰে বিচাৰ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷

'আমি ৪গৰাকী অভিজ্ঞ প্ৰাক্তন ন্যায়াধীশৰে এখন বিশেষ কমিটি গঠনৰ সিদ্ধান্ত চূড়ান্ত কৰিছো৷ এই কমিটিখনে মুক্ত আৰু স্বাধীনভাৱে গোচৰসমূহ পৰীক্ষা-নিৰীক্ষা কৰিব৷ ইয়াৰ পিছতে এই সন্দৰ্ভত গ্ৰহণ কৰা হ'ব পৰৱৰ্তী সিদ্ধান্ত৷'- কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়৷

উল্লেখ্য যে মেনেকা গান্ধীয়েই হৈছে প্ৰথমগৰাকী কেন্দ্ৰীয় মন্ত্ৰী যিয়ে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী এম জে আকবৰৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে তদন্তৰ দাবী তুলিছিল৷

'ইয়াৰ নিৰপেক্ষ তদন্ত হোৱা উচিত৷ ক্ষমতাত থকা অধিকাংশ পুৰুষে ইয়াৰ অপব্যৱহাৰ কৰে৷ এয়া চলচিত্ৰ, সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈকে সংঘটিত হয়৷ এতিয়া আমাৰ দেশত ইয়াৰ বিৰুদ্ধে জাগৰণ হৈছে৷ ইয়াক আমি গুৰুত্বসহকাৰে লোৱা উচিত৷'- আকবৰৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে এই মন্তব্য কৰিছিল মহিলা মন্ত্ৰীগৰাকীয়ে৷

আনহাতে, কিছুদিন পূৰ্বে #MeToo সন্দৰ্ভত পূৰ্বৰ ঘটনাক লৈয়ো গোচৰ ৰুজুৰ ব্যৱস্থা কৰা হ'ব বুলিও জনাইছিল মন্ত্ৰীগৰাকীয়ে৷ এই সন্দৰ্ভত আইন মন্ত্ৰণালয়লৈ বিশেষ পত্ৰও প্ৰেৰণ কৰিছিল মন্ত্ৰীগৰাকীয়ে৷ মোদী চৰকাৰৰ অধিকাংশ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতাসকলে বিষয়টোক লৈ নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰাৰ সময়তে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীৰ এনে স্পষ্ট আৰু দৃঢ় মন্তব্য মন কৰিবলগীয়া৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in