৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি…

৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি…

ডিজিটেল সংবাদ নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ অধীনৰ জহি খহি যোৱা চিকিৎসালয়খনৰ  আন্তঃগাঁথনি উন্নয়নৰ কল্পে  অসম চৰকাৰে প্ৰত্যক্ষ ভাবে হস্তক্ষেপ কৰি আজি নৱীকৰণৰ কামৰ  আধাৰশিলা স্থাপন কৰে বিধায়ক তৰংগ গগৈয়ে।  ২০২১-২২  বৰ্ষৰ  অসম চৰকাৰৰ  আনটাইদ ফাণ্ডৰ  প্ৰায় ৩.৫ কোটি টকা ব্যয় সাপেক্ষে এই চিকিৎসালয়ৰ আন্তঃগাঁথনি সম্পূৰ্ণ সলনি কৰি এক বিশেষ উন্নত চিকিৎসালয় নিৰ্মান কৰাৰ পৰিকল্পনাৰে আজি দুপৰীয়া উদ্যোগটোৰ চি এম ডি ড০ শিৱ প্ৰসাদ মহান্তিৰ উপস্থিতিত  নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে বি ভি এফ চি এল চিকিৎসালয় প্ৰাঙ্গনত  উক্ত উন্নয়ন মূলক কামৰ আধাৰ শিলা স্থাপন কৰে।

লক্ষণীয় যে চলিত বৰ্ষৰ ৫ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজ কৰ্পোৰেচন লিমিটেডৰ চিকিৎসালয়ত উপস্থিত হৈ  চিকিৎসালয়খনৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰি  ব্যক্ত কৰিছিল যে নামৰূপ সাৰ কাৰখানাৰ চিকিৎসালয়খন অতি পুৰণি আৰু ইয়াৰ আচবাব সমূহো নষ্ট হৈছে। কিন্তু অসম চৰকাৰে  এন  এইচ এমক লগত লৈ  চিকিৎসালয়খন নতুন প্ৰযুক্তিৰে সজাই পৰাই  তুলিবৰ বাবে  ইতিমধ্যে  ৩.৫০ কোটি টকাৰ প্ৰাককলন  প্ৰস্তুত কৰা কথা ঘোষণা কৰিছিলা।  

ঘোষণামৰ্মে দুমাহ পূৰ্বেই চিকিৎসালয় পুনৰ নিৰ্মাণৰ বাবদপ্ৰথম কিস্তিত দুই কোটি টকা চৰকাৰে মোকোলাই দিলে।  আজি আধাৰশিলা অনুষ্ঠানতএই সন্দৰ্ভত  বিধায়ক তৰংগ গৈয়ে কয় যে,  বি ভি এফ চি এল আৰু অসম চৰকাৰৰ  মাজৰ কিছু নীতিগত কাম কাজ বাকী থকাৰ বাবে নিৰ্মাণ কাৰ্য আৰম্ভ পলম হৈছে ।

প্ৰায় তিনি মাহৰ ভিতৰতে এই নৱীকৰণৰ কাম সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে- এই চিকিৎসালয়খন সম্পূৰ্ণ হৈ উঠিল কেৱল বি ভি এফ চি এলৰ কৰ্মচাৰী সকলেই নহয় সমগ্ৰ নামৰূপবাসী উপকৃত হ'ব। ইফালে আজি বিভি এফ চি এলৰ  তৰফ পৰাও  স্বাস্থ্য  সম্পর্কীয় পৰীক্ষা নিৰীক্ষা কৰিব পৰা উন্নত মানৰ এটা  মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউন্ড মেছিন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰে বিধায়ক গৰাকীয়ে। 

এই সন্দৰ্ভত চি এম ডি মহান্তিয়ে কয় যে-  উক্ত লেবাৰেটৰীত উদ্যোগটোৰ  বিষয়া কৰ্মচাৰী সকলে  ৪০ শতাংশ ৰেহাইত আৰু সাধাৰণ ৰাইজে ১৫/২০ শতাংশ ৰেহাইত স্বাস্থ্য  সম্পৰ্কীয় পৰীক্ষা সমূহ কৰিব পাৰিব ।  লগতে চি এম দি মহান্তিয়ে  ব্যক্তিগত ভাবে বৰ্তমান অসমৰ বানপীড়িত সকলৰ বাবে মুখ্যমন্ত্ৰী পুঁজিলৈ এক লাখ টকা  বান সাহায্য প্ৰদান কৰে  বিধায়ক তৰংগ গগৈৰ হাতত। 

আজি বি ভি এফ চি এল চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডাঃ অজয় বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত  উপস্থিত থাকে ক্ৰমে বি ভি এফ চি এল ৰ উৎপাদন সঞ্চালক দিগম্বৰ সহায়, বিত্ত সঞ্চালক  সুভাষ চন্দ্ৰ দাস,  জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা,  নামৰূপ পৌৰ সভাৰ সভাপতি উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়াই ডাঃ নিভা দলেয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in