শেহতীয়া খবৰ
জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱা, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ...  •  ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

কোভিডত আক্ৰান্ত হৈ শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন সভাপতি মণিৰুদ দৌল্লাৰ মৃত্যু…

ডিজিটেল সংবাদ,শিবসাগৰ : শিৱসাগৰৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তি তথা শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি মণিৰুদ দৌল্লা (৭৩) আজি পুৱা যোৰহাট মেডিকেল কলেজত কোভিড আক্ৰান্ত হৈ মৃত্যু হয় ৷ শিৱসাগৰ চহৰৰ ধাইআলিৰ সম্ভ্ৰান্ত দৌল্লা পৰিয়ালৰ মণিৰুদ দৌল্লা শিৱসাগৰৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৷

তেওঁ পাঁচবাৰ শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধি আছিল ৷ শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱৰ তেওঁ প্ৰাক্তন সভাপতি আছিল ৷ তদুপৰি তৰুণ সংঘ ৰিডিং ক্লাবৰো সক্ৰিয় কৰ্মী আছিল ৷ কভিডত আক্ৰান্ত হোৱাৰ বাবে তেওঁ এটা পষেক ধৰি চিকিৎসাধীন হৈ আছিল ৷ এটা সপ্তাহৰ পূৰ্বে তেওঁৰ বৌয়েকো কোভিডত মৃত্যু হৈছিল ৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই শিৱসাগৰত শোকৰ ছাঁ পৰে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি