আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্ম জয়ন্তী….

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্ম জয়ন্তী….

ডিজিটেল ডেস্কঃ আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্ম জয়ন্তী। মঙলবাৰে পুৱাই প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে সমাধিস্থলত উপস্থিত হলগৈ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা।

ইয়াৰ ভিতৰত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, কংগ্ৰেছৰ কাৰ্যকৰী অধ্যক্ষ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আদি নেতাসকল আছিল অন্যতম।

ইফালে মঙলবাৰে পুৱাই ৰাহুল গান্ধীয়ে টুইটাৰযোগে স্মৰণ কৰিলে পিতৃ ৰাজীৱ গান্ধীক। তেও টুইটাৰত লিখিলে- আমি এজন দেশভক্ত আৰু দূৰদৰ্শী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্ম জয়ন্তী। তেখেতৰ দূৰদৰ্শী নীতিয়ে ভাৰতখনক নতুনকৈ নিৰ্মাণ কৰাত সহায় কৰিছে। তেও মোক খুউব মৰম কৰিছিল। তেখেতে মোক শিকাইছিল কাকো ঘৃণা নকৰিবলৈ, সকলোকে মৰম কৰিবলৈ, ক্ষমা কৰিবলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটাৰযোগে স্মৰণ কৰে ৰাজীৱ গান্ধীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in