লেডিজ টয়লেটৰ বাবে হাতত পিষ্টল লৈ বিতৰ্কত সাংসদপুত্ৰ, VIDEO ভাইৰেল

লেডিজ টয়লেটৰ বাবে হাতত পিষ্টল লৈ বিতৰ্কত সাংসদপুত্ৰ, VIDEO ভাইৰেল

ডিজিটেল ডেস্কঃ দিল্লীৰ এখন পঞ্চতাৰকাযুক্ত হোটেলৰ সন্মুখত মঙলবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিএছপি সাংসদ ৰাকেশ পাণ্ডেৰ পুত্ৰ আশীষ পাণ্ডেই পিষ্টল প্ৰদৰ্শন কৰি এগৰাকী মহিলাক ভীতিগ্ৰস্ত কৰা কাণ্ডক লৈ আৰক্ষীয়ে প্ৰাক্তন সাংসদ পুত্ৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে৷

জানিব পৰা মতে, সোমবাৰে নিশা প্ৰাক্তন সাংসদ পুত্ৰ আশীষ পাণ্ডে নামৰ যুৱকজনে দিল্লীৰ হায়াট ৰিজেন্সী নামৰ পঞ্চতাৰকাযুক্ত হোটেলখনৰ সন্মুখত ৰৈ এগৰাকী মহিলাক ভয় দেখুৱায়৷ এই ঘটনা সংঘটিত হোৱাৰ পিছত নিৰাপত্তাজনিত কাৰণত বিলাসী হোটেলখনৰ কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰে৷

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, লেডিজ টয়লেটক লৈ নেতা পুত্ৰৰ মহিলা এগৰাকীৰ সৈতে সংঘাত হয়। নেতা পুত্ৰৰ সৈতে হোটেলখনত প্ৰৱেশ কৰা মহিলাগৰাকীক আন এগৰাকী মহিলাই কোনো কথা কোৱাক লৈ ক্ৰোধান্বিত হৈ ভয় দেখুৱাবলৈ পিষ্টল উলিয়াই লয় সাংসদ পুত্ৰই।

হোটেল ৰিজেন্সীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিএছপি সাংসদ ৰাকেশ পাণ্ডেৰ পুত্ৰই হোটেলৰ সন্মুখত প্ৰদৰ্শন কৰা পিষ্টলটোৰ লাইচেঞ্চ পিতৃ অৰ্থাৎ ৰাকেশ পাণ্ডেৰ নামত আছে৷

ইফালে মঙলবাৰে আৰক্ষীয়ে আশীষ পাণ্ডেক আটক কৰে৷ আশীষ পাণ্ডেৰ ভাষ্য অনুসৰি তেওঁ কাকো ভয় দেখুৱাবলৈ পিষ্টল ব্যৱহাৰ কৰা নাছিল৷ মাথো নিজৰ নিৰাপত্তাজনিত কাৰণত পিষ্টলটো লগত নিছিল বুলিও মন্তব্য কৰে আশীষ পাণ্ডেয়ে৷

সাংসদ পুত্ৰই দুদিন পূৰ্বে ফোনযোগে এক মৃত্যুৰ ভাবুকি লাভ কৰিছিল বুলিও আৰক্ষীক জানিবলৈ দিয়ে৷ যাৰ বাবে তেওঁ পিতৃৰ নামত অনুজ্ঞাপত্ৰ থকা পিষ্টলটো ব্যৱহাৰ কৰিছিল৷

আশীষ পাণ্ডেৰ মন্তব্যৰ সত্যাসত্যতা প্ৰমাণৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, এই ঘটনা সন্দৰ্ভত কোনো মহিলাই আশীষ পাণ্ডেৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা নাই৷

আনহাতে এই ঘটনাত হোটেলৰ বা আন কোনো ব্যক্তিৰ একো ক্ষতি নহোৱালৈ লক্ষ্য ৰাখি প্ৰাক্তন সাংসদ পুত্ৰক মুক্তি দিয়া হ'ব বুলি আৰক্ষীৰ এক সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in