কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে যোগদান কৰিলে আপত…

কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে যোগদান কৰিলে আপত…

ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে জনপ্ৰিয়তা বাঢ়িছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী দলৰ। দিল্লীৰ পাছত পঞ্জাৱৰ শাসনৰ বাঘজৰী লাভ কৰাৰ পিছত এতিয়া আপৰ টাৰ্গেটতত আছে কেইবাখনো ৰাজ্য। তাৰ ভিতৰত প্ৰথমস্থানত আছে গুজৰাট। শেহতীয়াকৈ গুজৰাটৰ আহমেদাবাদত আপে এক ৰেলীও উলিয়াইছিল।

আপৰ এনে কাৰ্যকলাপৰ মাজতে সোমবাৰে আম আদমী দলত যোগদান কৰে হাৰিয়ানা কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। আম আদমী পাৰ্টিৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত দিল্লীত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

হাৰিয়ানা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অশোক টানৱৰে আপত যোগদান কৰি কয়- দেশৰ ৰাজনীতি এতিয়া আন এক ৰূপান্তৰ পথত। এই পথ প্ৰদৰ্শক হব আম আদমী পাৰ্টি। উল্লেখ কৰা প্ৰয়োজন যে, অশোক টানৱৰে ইয়াৰ পূৰ্বেও কেইবাটাও ৰাজনৈতিক দলত যোগদান কৰিছিল। ইয়াৰ ভিতৰত আছিল তৃণমূল কংগ্ৰেছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in