ছয়গাওঁৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ মৃত্যু…

ছয়গাওঁৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ মৃত্যু…

ডিজিটেল সংবাদ,ছয়গাওঁ : ছয়গাঁওৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ পৰলোক। কোভিড-১৯ ত আক্ৰান্ত আছিল প্ৰয়াত গোস্বামী। কালিয়েই তেওঁ কোভিড পজিটিভ বুলি ধৰা পৰিছিল। কিডনীৰ জটিল ৰোগতো ইতিমধ্যে আক্ৰান্ত হৈ আছিল তেওঁ।

গুৱাহাটীৰ উজান বজাৰস্থিত নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় ৮০ বছৰ হৈছিল। প্ৰয়াত গোস্বামীয়ে পত্নী, একমাত্ৰ পুত্ৰ-বোৱাৰী, একমাত্ৰ জী-জোঁৱাই আৰু নাতি-নাতিনীক এৰি থৈ যায়।

উল্লেখযোগ্য যে প্ৰয়াত গোস্বামী ২০০১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ ছয়গাঁও সমষ্টিৰ পৰা অৱতীৰ্ণ হৈ বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হৈছিল। তেওঁ ১৯৯১ চনতো ছয়গাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছিল যদিও সেইবাৰ পৰাজিত হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in