বিধানসভাত ভুল তথ্য বনমন্ত্ৰীৰ, কাজিৰঙাত বোলে এটাও নাই শিল কুৱেৰী

বিধানসভাত ভুল তথ্য বনমন্ত্ৰীৰ, কাজিৰঙাত বোলে এটাও নাই শিল কুৱেৰী

ডিজেটেল সংবাদ, গোলাঘাটঃ অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত প্ৰশ্নোত্তৰৰ কালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে কোনো শিল কুৱেৰী নাই বুলি মন্তব্য কৰে। বনমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে একাংশ সচেতন মহলে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপতে থকা কাজিৰঙা-কাৰ্বি আংলং ইন্টাংকি হস্তীপ্ৰকল্পতে একাংশ অসাধু শিল মাফিয়াই শতাধিক অবৈধ শিল কুৱেৰী স্থাপন কৰি দিনে নিশাই শিল খনন কাৰ্য চলাই নিয়াৰ পিছতো বনমন্ত্ৰীগৰাকীয়ে সেয়া নেদেখি বিধানসভাৰ মজিয়াত কাজিৰঙাৰ চৌপাশে কোনো শিল কুৱেৰী নাই বুলি কৰা মন্তব্য যে কেৱল চৰকাৰখনৰ এক মিথ্যাচাৰহে সেয়া প্ৰমাণ কৰিছে।

উল্লেখ্য যে, কাজিৰঙাৰ সমীপৰ কাৰ্বি পাহাৰৰ লগতে হস্তী প্ৰকল্পত চলি থকা অবৈধ শিল খননে বনাঞ্চলৰ হস্তীকুললৈ ভয়ানক অশনি সংকেট নমাই অনাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীলৈও চৰম ভাবুকি কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ চমুকৈ এন টি চি এৰ অধীনত থকা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যঘ্ৰ প্ৰকল্পৰ প্ৰতি এই অবৈধ কুৱেৰীসমূহে বন্যপ্ৰাণীসমূহলৈ বিপদ কঢ়িয়াই আনিছে।

জানিব পৰা মতে, উদ্যানখনৰ সমীপতে থকা কাৰ্বি পাহৰত থকা প্ৰায় ৬০ টা শিল কুৱেৰী কিছুদিনৰ আগতে উচ্চতম ন্যায়ালয়ৰ উচ্চ ক্ষমতাসম্পন্ন সমিতি আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ কঠোৰ নিৰ্দেশত সাময়িকভাৱে বন্ধ হয়। কিন্তু প্ৰশ্ন হ'ল যদি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত কোনো শিল কুৱেৰীয়ে নাই তেনেহ'লে উচ্চ ন্যায়ালয়ে কুৱেৰীসমূহ বন্ধ কৰাৰ নিৰ্দেশ কিয় জাৰী কৰিছিল? আনফালে উচ্চতম ন্যায়ালয়ৰ উক্ত নিৰ্দেশকো একাষৰীয়া কৰি পুনৰ একাংশ বন বিভাগৰ লোক আৰু আৰু একাংশ আৰক্ষীৰ ছত্ৰছায়াত শিল মাফিয়াই অবৈধভাৱে চলাই নিয়া ধ্বংসলীলা যেন এতিয়াও অব্যাহত আছে।

উল্লেখ্য যে, ২০১৮ বৰ্ষৰ ২০ এপ্ৰিলত এন টি চি এৰ সহকাৰী বন মহাপৰিদৰ্শক ৰাজা ৰাম সিঙে অসমৰ মুখ্য সচিবলৈ ৩৮ টা অবৈধ শিল কুৱেৰীৰ সন্দৰ্ভত কাজিৰঙাৰ পশ্চিম সীমান্তৰ কাৰ্বি আংলং জিলাৰ জলামৰা, ৰাংচালি, টেৰণগাঁও, ৰঙাগড়, ৰংবংৱে, কিলিং গাঁও, কাঞ্চনজুৰি, কুঠৰী, বাগৰি আদি অঞ্চলত অবৈধভাৱে শিল খনন কৰি থকা বুলি উল্লেখ কৰি এক প্ৰতিবেদন প্ৰেৰণ কৰিছিল। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে থকা হস্তী প্ৰকল্পত চলি থকা অবৈধ বে-দখলৰ লগতে অবৈধ শিল কুৱেৰীসমূহত কৰা বিদ্যুৎ সংযোগ বন্যহস্তীৰ বাবে মৃত্যুৰ ফাণ্ডত পৰিণত হৈ পৰিছে।

তদুপৰি এনেদৰে গঢ়ি উঠা শিল কুৱেৰীসমূহৰ ফলত বন্যহস্তীৰ জাক বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিবলৈ বাধ্য হোৱাত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। ইফালে এনে কাণ্ডৰ জৰিয়তে বন্যপ্ৰাণীলৈ নামি অহা দুৰ্যোগ সন্দৰ্ভত স্থানীয় এগৰাকী সাংবাদিকে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি অহাৰ পিছতে এয়া চকুত নপৰিল বন বিভাগ কিম্বা আৰক্ষীৰ। যাৰ ফলত সাংবাদিকজনে ২০১৮ চনৰ ৩০ নৱেম্বৰত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকক এক লিখিত এজাহাৰ দাখিল কৰে যদিও ইয়াৰ উপৰতো কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল।

যাৰ পৰিপ্ৰেক্ষিতত অপূৰ্ব বল্লভ গোস্বামী নামৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে এখন এজাহাৰ দাখিল কৰে। কিন্তু এইবাৰ দলমৰা আৰক্ষীয়ে গোচৰ নং-০৯/২০১৮.১৮৮ ধাৰাত এক সাধাৰণ গোচৰ ৰুজু কৰি বিষয়টো এৰাই চলিবলৈ চেষ্টা কৰে। আনহাতে আৰক্ষীৰ এনে নিষ্ক্ৰীয় ভূমিকাত উপায়ন্তৰ হৈ গোস্বামীয়ে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ ওচৰত কাৰ্বি-আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ১০ ডিচেম্বৰ, ২০১৮ত এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিতে ৰাজ্যিক দায়বদ্ধতা আয়োগে অধীক্ষকগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি এক জাননী প্ৰেৰণ কৰি ২৮ জানুৱাৰীত বিষয়টো সন্দৰ্ভত সকলো নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীলতা প্ৰকাশ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাখনৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চকু মুদা কুলিৰ ভাও ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে শিল কুৱেৰী নাই বুলি পবিত্ৰ সদনত কৰা টুলুঙা মন্তব্যই শিল মাফিয়াৰ লগত যে চৰকাৰখনৰ গোপন বুজাবুজি আছে তাৰেই ইংগিত বহন কৰা বুলি চৰ্চা চলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in