চোৰাং কাঠৰ ব্যৱসায়ী ৰূপত বন বিভাগৰ লোক! আৰক্ষীৰ গোচৰ ৰুজু, গ্ৰেপ্তাৰ বন কৰ্মচাৰী…

চোৰাং কাঠৰ ব্যৱসায়ী ৰূপত বন বিভাগৰ লোক! আৰক্ষীৰ গোচৰ ৰুজু, গ্ৰেপ্তাৰ বন কৰ্মচাৰী…

ডিজিটেল সংবাদ, চিৰাং: ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে বিটিএডি এলেকাত বন ধ্বংসকাৰী সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব বুলি কৰা ঘোষণাক অসাৰ কৰি মঙলবাৰে চিৰাং আৰক্ষীৰ এক গোপন অভিযানত ৰক্ষকেই ভক্ষকৰ ভূমিকা লোৱা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । চোৰাং কাঠৰ সৰবৰাহ কৰা কাৰ্য্যত বন সুৰক্ষা দিয়াৰ দায়িত্বত থকা স্বয়ং বনবিভাগৰ লোকেই জড়িত থকা ঘটনাই সম্প্ৰতি জিলাখনৰ বনবিভাগ আৰু আৰক্ষী মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।     

প্ৰাপ্ত খবৰ অনুযায়ী এক গোপন সূত্ৰৰ পোম খেদি মঙলবাৰে পুৱতি নিশা ৰুণীখাতা আৰক্ষী থানাৰ আৰক্ষী দলে অনাঠাইবাৰী স্থিত বন বিভাগৰ কৰ্মচাৰী মতিলাল মুচাহাৰীৰ বাসগৃহত অভিযান চলায় । সেই সময়ত বন বিভাগৰ কৰ্মচাৰী মতিলাল মুছাহাৰীয়ে এখন পঞ্জীয়ন বিহীন ট্ৰেক্টৰৰ পৰা বুজন পৰিমাণৰ ফলা কাম নমাই আছিলে ।

আৰক্ষীয়ে উক্ত কাঠখিনিৰ নথিপত্ৰত বিচাৰি সোধপোছ কৰিবলৈ আৰম্ভ কৰে । কিন্তু বন বিভাগৰ কৰ্মচাৰী জনে কোনো ধৰণৰ বৈধ নথিপত্ৰ দেখুওৱাবলৈ সমৰ্থ নোহোৱাত আৰক্ষীয়ে চোৰাং কাঠ সহ ট্ৰেক্টৰ জব্দ কৰাৰ লগতে বন বিভাগৰ কৰ্মচাৰী মতিলাল মুছাহাৰীক আটক থানাত লৈ যায়। এই সংক্ৰান্তত আৰক্ষীয়ে নিজাববীয়াকৈ ৰুণীখাটা থানাত এখন গোচৰ ৰুজু কৰি মতিলাল মুছাহাৰীক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে, মতিলাল মুছাহাৰীৰ বাসগৃহৰ পৰা জিলা বন বিষয়াৰ কাৰ্যালয়ত ব্যৱহৃত এখন নম্বৰ বিহীন বলেৰো গাড়ী আৰক্ষীয়ে জব্দ কৰে। এই সমগ্ৰ ঘটনাৰ সৈতে জেদ মুচাহাৰী নামৰ এজন বনৰক্ষী আৰু দৈমালু গয়াৰী নামৰ ফৰেষ্ট গ্ৰেড-১ দুজন বনকৰ্মী জড়িত আছে বুলি বনবিভাগৰ সুত্ৰই জানিবলৈ দিছে । ইফালে, সোমবাৰে নিশাৰ ভাগত বেংতল আৰক্ষী চকীৰ আৰক্ষীৰ দলে অভিযান চলাই দুখন চোৰাং কাঠ ভৰ্তি টাটা মোবাইল বাহন জব্দ কৰে কৰে ।

তাৰে এখন বাহন খনৰ এ এছ ১৯ চি ৪৯৪৭ আৰু আন এখন পঞ্জীয়ন নম্বৰ বিহীন । সোমবাৰে নিশা অভিযান কালত আৰক্ষীৰ বাহন দেখি এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠ ব্যবসায়ীৰ লগতে চালক দুজন পলাই যাবলৈ সক্ষম হয় । ইফালে, চোৰাং কাঠৰ ব্যৱসায়ীৰ সৈতে বন বিভাগৰ লোক জড়িত তথ্য পোহৰলৈ অহাৰ পিছত চিৰাং বন সংমণ্ডলৰ বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে কয় যে- মতিলাল মুছাহাৰীয়ে অকতৃত্বশীল ভাৱে বনবিভাগৰ বাহন চোৰাং কাঠ সৰবৰাহৰ কামত ব্যৱহাৰ কৰাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক,  আমি তদন্ত আৰম্ভ কৰিছো আৰু তিনি গৰাকী বনকৰ্মীৰ নাম উঠি আহিছে তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰেই বিভাগীয় ভাৱে কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰে । 

এতিয়া প্ৰশ্ন হয়- বন ধ্বংসকাৰী চোৰাং কাঠ ব্যবসায়ী চক্ৰৰ বিৰুদ্ধে অভিযান চলাব লাগে বন বিভাগে। কিন্তু তাৰ বিপৰীতে চোৰাং কাঠৰ ব্যৱসায়ীৰ ৰূপত স্বয়ং বনবিভাগ কৰ্মচাৰী । আচলতে যোৱা কিছুদিন ধৰি বনবিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠৰ ব্যৱসায়ী চক্ৰ পুনৰ সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে । চিৰাঙত চোৰাং কাঠৰ ব্যৱসায়ী চক্ৰৰ সৈতে বনবিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰী জড়িত থকাৰ অভিযোগ পূৰ্বতে উত্থাপিত হৈ আহিছিল মঙলবাৰৰ ঘটনা পোহৰলৈ অহাৰ পিছত সেয়া যেন প্ৰমাণিত হ'ল । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in