এফালে বৃক্ষৰোপন, আনফালে ৰাজধানী দিছপুৰত বন ধ্বংসৰ অভিযান

এফালে বৃক্ষৰোপন, আনফালে ৰাজধানী দিছপুৰত বন ধ্বংসৰ অভিযান

দিছপুৰত কাৰ আশীৰ্বাদত চলিছে গছ কটাৰ প্ৰতিযোগিতা। মুখ্যমন্ত্ৰী, বন মনমন্ত্ৰীৰ কিছু অকথিত কাহিনী। এইমছৰ নামত মাটিৰ বিক্ৰীৰে ধন ঘটিছে এক চক্ৰই। চৰকাৰ, প্ৰশাসনৰ কৃপাধন্য এইসকল লোকক নাকী লগাব কোনে? পলাশ জ্যোতি গগৈৰ বিশেষ প্ৰতিবেদন।

খোদ দিছপুৰৰ সন্মুখত চলি আছে কি? পৰিৱেশ সুৰক্ষাৰ বাবে ডাঙৰ ডাঙৰ বক্তৃতা দিয়া মুখ্যমন্ত্ৰী, বনমন্ত্ৰীৰ সন্মুখতেই কাটি তহিলং কৰা হৈছে গছ বন। সাধাৰণ ৰাইজে এইবোৰ দেখি আচৰিত মানিছে। ছাত্ৰ-ছাত্ৰীক পৰিৱেশ সুৰক্ষাৰ কথা কোৱা সকলে নিজে কি কৰিছে।

এফালে পৰিৱেশ ৰক্ষাৰ বাণী আনফালে পৰিৱেশ ধ্বংসৰ প্ৰতিযোগিতাত লিপ্ত হৈছে ৰাজ্য চৰকাৰ। পৰিৱেশ দিৱস পতাৰ নামত লাখ লাখ টকা ৰাজভড়ালৰ পৰা খৰছ কৰিছে চৰকাৰে। ৰাজকীয় অনুষ্ঠানেৰে লাখ লাখ গছপুলি ৰোপনৰ অভিলাষী আঁচনি গ্ৰহণ কৰি খবৰ কাকতৰ পৃষ্ঠাত বিজ্ঞাপন দিয়াতে দায়িত্ব সামৰিছে চৰকাৰী বিভাগে। কিয়নো এই ছবি স্পষ্ট হয় খোদ ৰাজধানী দিছপুৰতে বন বিভাগৰ কিছু কাম কাজত।

বন ধ্বংসৰ প্ৰতিযোগিতাত লিপ্ত হৈছে ৰাজ্য চৰকাৰ। একাংশ চৰকাৰী দায়িত্বজ্ঞানহীন বিষয়াৰ কৰ্মকাণ্ডই চকু কপাঁলত তুলিব আপোনাৰ। অসম সচিবালয়ত এটা অট্টালিকা নিৰ্মাণৰ নামত অবাধহাৰে গছ কাটিছে বন বিভাগ আৰু গড়কাপ্তানী বিভাগে। প্ৰথমে গছৰ দাল কটা বিভাগে এতিয়া কাটি শেষ কৰিছে ইজোপাৰ পিছত সিজোপা গছ।

এজোপা গছ ৰুই লালন পালন কৰাৰ প্ৰতি চকু দিবলৈ সময় নোপোৱা বন বিভাগে ৰাজধানী দিছপুৰৰ গাতেঁ লাগি থকা বহুবছৰ পুৰণি গছ কাটি তহিলং কৰিছে। শ শ বছৰ পুৰণি গছ কাটি বিধানসভাৰ নতুন পাৰ্কিং আৰু পথ নিৰ্মাণৰ কথা কৈ চৰকাৰ লিপ্ত হৈছে পৰিৱেশ ধ্বংসত। গছপুলি ৰোপনৰ বাবে সজাগতামূলক বক্তৃতা দিয়া চৰকাৰৰ বৰমূৰীয়াসকলেই পাহৰিছে গছ ৰক্ষাৰ কথা। শুনিবলৈ আচৰিত হ'লেও বৰ্তমানলৈকে প্ৰায় কুৰিজোপাৰো অধিক গছ মাত্ৰ বিধানসভাৰ চৌহদতে কাটিছে বন বিভাগে।


পৰিৱেশ ধ্বংসত ব্যস্ত বন বিভাগ

বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ন তথা অট্টালিকা নিৰ্মাণৰ বাবে পাহাৰ কাটি শেষ কৰাৰ উদাহৰণ এইখন অসমত এতিয়া সুলভ। শেহতীয়াকৈ তেনে এক কাৰ্য পোহৰলৈ আহিছে সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ্ নিৰ্মাণৰ ক্ষেত্ৰত। চাংসাৰীত ৫৭১ বিঘা, ৩কঠা, ১৫লেছা ভূমিত প্ৰতিষ্ঠা হ'বলগীয়া এইমছৰ নিৰ্মাণৰ নামত পাহাৰ কাটি ঠাই মোকলাবলগীয়া হৈছে। যাৰ বাবে গছ-গছনি কাটিবলৈও কুণ্ঠাবোধ কৰা নাই নিৰ্মাণকাৰী সংস্থাই। এইমছ সকলো লোককে লাগে। সেই বুলি এইমছ নিৰ্মাণৰ নামত যদি দ এটুকুৰা ঠাই নিৰ্বাচন কৰি লোৱা হয় তেন্তে নিৰ্মাণৰ ক্ষেত্ৰত পুখুৰী সদৃশ ঠাই পুতিবলৈ প্ৰয়োজন হয় বহুতো মাটিৰ।

এনেকৈয়ে অনা হয় মাটি…

তাৰ বাবে ৩ খন পাহাৰ কাটি পোতা হৈছে এইমছৰ প্ৰস্তাৱিত স্থানত থকা পিতনি। পাহাৰ ধ্বংস কৰাৰ লগে লগে শিল, মূল্যবান গছ, বনৌষধিকে ধৰি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হৈছে। পাহাৰত থকা গছ-গছনিয়ে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও ইতিবাচক অৰিহণা যোগাইছিল। বৰ্তমান কাটি পেলোৱা পাহাৰৰ ঠাইত গছ-গছনি ৰোৱা হ'বনে। সেয়া চিন্তাৰ বিষয়।

এইমছৰ বাবে প্ৰস্তাৱিত ভূমি পুতিবলৈ ঠিকা লোৱা ঠিকাদাৰে পাহাৰ কাটি সেই মাটি আন স্থানত বিক্ৰী কৰাৰো অভিযোগ উঠিছে। তাৰ প্ৰতি কিমান গুৰুত্ব দিছে চৰকাৰে।

একেদৰে আমিনগাঁৱৰ পৰা হাজোৰ লৈকে, চাংসাৰিৰ পৰা টিহুৰলৈকে, নাৰেংগীৰ পৰা চন্দ্ৰপুৰ, খানাপাৰাৰ পৰা সোণাপুৰৰ লৈকে ঔদ্যোগিক ক্ষেত্ৰৰূূপে ঘোষণা কৰাৰ লগে লগে পথৰ কাষে কাষে উদ্যোগ ক্ষেত্ৰৰ কেন্দ্ৰীয় সংস্থাৰ কাৰ্যালয়ৰ লগতে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছে। যাৰ বাবে গছ কটাহে হৈছে। ৰোৱা হোৱা নাই। কিন্তু চৰকাৰে গছ ৰোৱাৰ কথা কয়। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গঢ় লৈ উঠা অধিকাংশ প্ৰতিষ্ঠানে ব্যক্তিগত মালিকানাধিন ব্যৱসায়ীক প্ৰতিষ্ঠান। ব্যক্তিগত প্ৰতিষ্ঠান হোৱাৰ বাবে তেওঁলোকৰ পৰিৱেশ সম্পৰ্কে কোনো দায়িত্ব নাই। সেইসকল লোকে দেৱাল বনাবলৈ পথৰ কাষৰ গছ কাটিছে। প্ৰতিষ্ঠা হোৱা কিছু কল-কাৰষানাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত নিৰ্গত ধুৱাই অঞ্চল চানি ধৰে।

গছ কাটি নিৰ্মাণ কৰা হয় পথ।

বনকৰ্মীক গছপুলি উপহাৰ দি ৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে খাৰঘূলীত অনুষ্ঠিত এক অনুষ্ঠানত বনকৰ্মীসকলক গছপুলি উপহাৰ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছিল, 'গছ থাকিলেহে মানুহ থাকিব। আমি গছ পুলি ৰোপনত অধিক গুৰুত্ব প্ৰদান কৰা উচিত।' সেইজন মুখ্যমন্ত্ৰীয়ে এতিয়া চকু মুদা কুলিত পৰিণত হ'ল। তেওঁৰ শাসন কালতে বিধানসভাৰ চৌহদতে শ শ বছৰ পুৰণি গছ কাটি তহিলং কৰিছে বন বিভাগে।

এয়া নাটক, দিছপুৰত কি হৈ আছে সেয়া বাস্তৱ।

দৈনিক বনদস্যুৱে কাটিছে হাজাৰ হাজাৰ গছ। গছ কাটি পৰিৱেশ ধ্বংস কৰি আনন্দ লভে সেইসকল লোকে। তেওঁলোকৰ এটাই লক্ষ্য মূল্যবান গছ কাটি বিক্ৰী কৰি দুপইচা ঘটা। অতি দুৰ্ভাগ্যজনক কথা এয়ে যে, বন বিভাগে তেনে কিছু কাঠ ভৰ্তি বাহন জব্দ কৰে যদিও বৰ্তমানলৈকে গাড়ীৰ চালক বা কাঠৰ সৰবৰাহকাৰী কিমান আটক কৰিছে তাৰ সংখ্যা তেনেই নগণ্য। চোৰাং কাঠ ব্যৱসায়ী আৰু বন বিভাগৰ লোকৰ গোপন বুজাবুজিৰে চলি আছে মূল্যবান কাঠ কাটি চোৰাংভাৱে বিক্ৰী কৰাৰ এক ব্যৱসায়।

বিশ্ব পৰিৱেশ দিৱসৰ এক বিশেষ মূহুৰ্তৰ এখন ছবি। এটি শিশুৱে সমনীয়াৰ সৈতে গছ কটাৰ বিৰুদ্ধে শ্লোগান দি পাৰ হৈ গৈছিল এজোপা প্ৰকাণ্ড গছ। কিছুসময়ৰ বাবে বন্ধুৰ সৈতে গছজোপাৰ কথা পাতিছিল। সেই পথেৰে ঘূৰি আহি কান্দোনত ভাগি পৰিছিল শিশুটো। কাৰণ সি দেখি যোৱা গছ দুজোপা কোনো লোকে কাটি পেলাইছিল। সি কান্দি কান্দি ঢলি পৰিছিল। দৃশ্যটো আছিল ঢকুৱাখনাৰ।

গছ ৰক্ষা কৰাৰ কথা কৈ সি ভাগৰি পৰিছিল।

অসম চৰকাৰৰ উদ্যোগত এইবৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস কেন্দ্ৰীয়ভাৱে শিলচৰত পালন কৰা হৈছিল৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল সেই অনুষ্ঠানত৷ মুখ্যমন্ত্ৰীৰ লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, গ্ৰামোন্নয়ণ মন্ত্ৰী নৱ দলে সহ কেবা গৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকি ৰুইছিল গছপুলি।

শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত দিনজোৰা কাৰ্যসূচীৰে উদযাপিত বিশ্ব পৰিবেশ দিৱসত ৫০ লাখ গছপুলি ৰোপনৰ এক কাৰ্যসূচীৰ উদ্ধোধন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সমগ্ৰ কাছাৰ জিলাত কাৰ্যকৰী হোৱাকৈ এই গছপুলি ৰোপনৰ ব্যৱস্থা লৈছিল ৰাজ্য চৰকাৰে৷ এমাহৰ ভিতৰত জিলাখনৰ স্কুল কলেজ, গাওঁ পঞ্চায়ত, চৰকাৰী কাৰ্যালয়সহ সকলো অনুষ্ঠানক সামৰি এই ৫০ লাখ গছপুলি ৰোপন কৰাৰ লক্ষ্য স্থিৰ কৰিছিল বন বিভাগে৷ পিছে সকলো ফোটোকাৰ ফেনত পৰিণত হ'ল।

পৰিৱেশ ৰক্ষাৰ কথা কোৱা চৰকাৰে বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ নামত আনুষ্ঠানিকতাতেই সামৰিছে দায়িত্ব। মুখ্যমন্ত্ৰীয়ে এটা গছপুলি ৰুই অনুষ্ঠানৰ আৰম্ভ কৰিব। তাৰ বাবে এমাহৰ আগৰ পৰা প্ৰশাসনৰ ব্যস্থতা। ৰাজকোষৰ লাখ লাখ টকা খৰছ কৰি মাত্ৰ এটা গছপুলি ৰোৱাৰ বাবে সকলো ব্যস্ত।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলচৰত ৰুইছিল পুলিটো।

বহু ক্ষেত্ৰতে চৰকাৰৰ সমানে জনসাধাৰণো বিফল হৈছে নিজৰ দায়িত্ব পালনত। অৱশ্যে ওদালগুৰি জিলাৰ সদৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰে অৱস্থিত ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী এখন মানৱসৃষ্ট অৰণ্যই প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত কিছু ইতিবাচক আশাৰ সঞ্চাৰ কৰে। ২০০৩ চনত ওদালগুৰিৰ সোনাইগাওঁ, ভৈৰৱপুৰ, গৰৈমাৰী, চপনগাওঁ, ১নম্বৰ মাজৰগাওঁ, ২নম্বৰ মাজৰগাওঁ ইত্যাদি ছয়খনকৈ গাঁৱৰ ৰাইজে লগ হৈ এখন সমিতি গঠন কৰি পৰিৱেশ ৰক্ষাৰ কথা চিন্তা কৰিছিল।

প্ৰথমে বিভিন্ন জীৱ জন্তু পুহি পাম খুলিছিল। পৰৱৰ্তী সময়ত গছপুলি ৰুই তেওঁলোকে ২০০৭ চনৰ পৰা ২০১২ চনলৈ এক অভিযান আৰম্ভ কৰিছিল। সেই সময়ৰ পৰাই আৰম্ভ হৈ বৰ্তমান প্ৰায় পাঁচ হাজাৰ বিঘা ভূমিত সম্পূৰ্ণ কৰা হৈছে গছপুলি ৰোপন কাৰ্যসূচী। তেনে এজন লোক অৰণ্যমান যাদৱ পায়েঙৰ কথা ক'ব পাৰি।

ওদালগুৰিৰ মানৱসৃষ্ট অৰণ্য।

ইফালে কেইদিনমান পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এটা ঘোষণায়ো বাৰুকৈয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত। ৰাজ্যত আগন্তুক দিনত হ'বলগীয়া প্ৰতিটো পথ নিৰ্মাণৰ সময়তে গছপুলি ৰোপন কৰাটো বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছিল মন্ত্ৰীগৰাকীয়ে। উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানী বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ১,১০০ ঔষধি গছপুলি ৰোপণ অনুষ্ঠানত কৈছিল এই কথা।

ইফালে সেই কথা ঘোষণা কৰাৰ লগতে তেওঁ এটি গছপুলি ৰোপন কৰিছিল। এইক্ষেত্ৰত মন্ত্ৰী গৰাকীক সংগ দিছিল ৰাজ্যৰ মন্ত্ৰী নৱ কুমাৰ দলে, পীযুষ হাজৰিকাৰ লগতে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক উৎপল দত্তই। কিন্তু সেইজন মন্ত্ৰীৰ চকুৰ আগতে গছ কাটি বনদস্যুৱে লাখ লাখ টকা সৰকাইছে যদিও সেইয়া দেখিও নেদেখাৰ দৰে ভাও জুৰিছে মন্ত্ৰীগৰাকীয়ে। ইফালে আন ঠাইৰ কথা নকলেও মাত্ৰ উত্তৰ গুৱাহাটীতে দেখিবলৈ পোৱা গৈছে তেনে পাহাৰ খননৰ দৰে কাৰ্য। ইফানে বিধানসভা চৌহদত গছ কটাৰ কথাত নাই তেওঁৰ প্ৰতিক্ৰিয়া।

মন্ত্ৰী ব্যস্ত গছপুলি ৰোৱাত, বিধানসভা চৌহদৰ গছ কটাৰ কথা তেওঁ নাজানে…

কাজিৰঙা অভয়াৰণ্যৰ লগতে কাৰ্বি আংলঙ, বোকাজান ইত্যাদি ঠাইতো গছ কাটি অথবা পাহাৰ কাটি তহিলং কৰিছে একাংশ অসাধু লোকে। এনে কাৰ্যত হাত উজান দিছে প্ৰশাসনেও। শেহতীয়াকৈ উচ্চতম ন্যয়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো সেই ঠাইত অব্যাহত আছে তেনে কাম। ট্ৰাকে ট্ৰাকে পাহাৰ কাটি শিল আনি টকা লাভৰ বাবে একাংশ অসাধু লোক সদায় ব্যস্ত থাকে যদিও প্ৰশাসনৰ লোকৰ সৈতে বুজাবুজিৰে চলি আছে সকলো।

পাহাৰ খান্দি হ'লেও লাগে ধন। প্ৰকৃতি ধ্বংস কৰি হ'লেও কৰে নিজৰ বাবে চিন্তা।

বুধবাৰে কামৰূপ জিলা পৰিবহন বিভাগে গ্ৰহণ কৰিছিল এক বিশেষ কাৰ্যসূচী। প্ৰতিটো গাড়ীৰ ডিলাৰে বাহন বিক্ৰী কৰাৰ সময়ত গ্ৰাহকক দিব লাগিব এজোপাকৈ গছপুলি। পৰিৱেশ ৰক্ষাৰ বাবে এই কাৰ্যসূচী লোৱা বুলি কৈছিল জিলা পৰিবহন বিষয়াৰ লগতে উপায়ুক্তই। কিন্তু অতি তাৎপৰ্যমূলক কথাটো হ'ল যে, এইখন মহানগৰীত জনসংখ্যা বৃদ্ধিৰ লগে লগে গছ-গছনি কাটি ঘৰ নিৰ্মাণ কৰিছে বিভিন্নজন লোকে। মহানগৰীৰ ৰাজপথ সমূহ নিৰ্মাণ কৰাৰ সময়ত পথৰ ডিভাইদাৰত যদিও গছপুলি ৰোৱা হৈছিল সেই গছপুলি প্ৰতিপালন কৰা দেখা পোৱা নগ'ল, যাৰ বাবে বহু গছপুলি মৰি গ'ল। তেনেক্ষেত্ৰত মহানাগৰিকক এদাল গছপুলি দিলেও পৰিৱেশ কিমান পৰিমাণে ৰক্ষা হ'ব সেয়া সন্দেহৰ আৱৰ্তত। কাৰণত ফুলৰ টাবত গছ পুলি ৰুই কোনেও পৰিৱেশ ৰক্ষা কৰিব নোৱাৰে।

গছপুলি বিতৰণ কামৰূপ জিলা উপায়ুক্ত-পৰিবহন বিষয়াৰ।

মাত্ৰ চৰকাৰ বাবে প্ৰশাসনেই যে গছপুলি ৰোপন কৰিব লাগে তেনে নহয়। প্ৰতিজন লোকৰেই দায়িত্ব আছে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত। প্ৰতিজন লোকে বিচাৰে এখন সেউজীয়া পৃথিৱী। কিন্তু পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ বাবে ব্যৱ্স্থা গ্ৰহণ কৰা লোকৰ সংখ্যাহে একেবাৰেই কম। মহানগৰীত সঘনাই সংঘটিত হোৱা কিছুমান প্ৰাকৃতিক দুৰ্যোগৰ মূল কাৰণ হৈছে পাহাৰ তথা বনাঞ্চল ধ্বংস। জনসংখ্যা বিস্ফোৰণৰ ফলটো একাংশই এই বনাঞ্চল ধ্বংস কৰি বসতি স্থাপন কৰি আহিছে। ফলত প্ৰকৃতিয়ে বহন ক্ষমতা হেৰুৱাই পেলাইছে। মহানগৰীত গছ কাটি মানুহে অট্টালিকা নিৰ্মাণ কৰিছে। কিন্তু চিন্তনীয় বিষয় এয়ে যে, সেই অট্টালিকা কিমান দিন নিৰাপদ হৈ বৰ্তি থাকিব তাক লৈ কাৰো চিন্তা নাই। এজোপা গছ কাটি দহ জোপা ৰুব লাগে বুলি কোৱাৰ বিপৰীতে এজোপা গছক কিমান দিনলৈকে শুশ্ৰূষা কৰিব পাৰি তাৰ হে ব্যৱস্থা কৰিব লাগে।

মহানগৰ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই একাংশ লোকে চৰকাৰী ভূমি দখল কৰি বহি আছে। কিন্তু কাণ সাৰ নাই প্ৰশাসনৰ। চৰকাৰে উচ্ছেদৰ নামত কৰা ভেকোভাওনাৰ নাটকখন কেৱল একাংশ লোকৰ বাবেহে প্ৰযোজ্য। কিন্তু সকলো লোকৰ বাবে কেতিয়া ফলপ্ৰসূ হ'ব এই প্ৰচেষ্টা সেয়া বৰ্তমান এক ৰহস্যৰ আৱৰ্তত।

উচ্ছেদৰ নামটো চলে নাটক…

পৰিৱেশ ৰক্ষাৰ কথা কৈ ৰাইজৰ আশীষ লাভৰ চেষ্টা কৰা এইখন চৰকাৰে পাহৰিছে আমচাং অভয়াৰণ্য, দীপৰ বিল, যোৰাবাটৰ পাহাৰ কেইটাৰ কথা। পক্ষী অভয়াৰণ্য দীপৰ বিল প্ৰতিদিনে ধ্বংসৰ গৰাহলৈ গৈ আছে। পূৰ্বৰ দৰে এতিয়া দীপৰ বিলত দেখিবলৈ পোৱা নাযায় বিভিন্ন চৰাই-চিৰিকটি। দীপৰ বিলৰ চাৰিওকাষে এতিয়া দেখিবলৈ পৱা যায় বে-দখল। কিন্তু গাদী দখল কৰিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যদিও দীপৰ বিল ৰক্ষাৰ কথা কৈছিল এতিয়া চৰকাৰৰ সেই কাম মাত্ৰ ফাইলতে সীমাবদ্ধ। দদৰা অঞ্চল আছিল বিলুপ্তপ্ৰায় হাড়গিলাৰ বাবে নিৰাপদ আৱাসস্থল। এই ঠাইত উদ্যোগ গঢ় লৈ উঠাৰ বাবে ওচৰে পাজৰে থকা প্ৰায় ১৬ খন বিলৰ পানী প্ৰদূষিত হৈছে। যাৰ বাবে বহুত হাড়গিলা মৰিছে আৰু একাংশ তাৰ পৰা আতৰি গৈছে।

যোৰাবাটত দৈনিক পাহাৰ খান্দি ঘৰ দুৱাৰ নিৰ্মাণৰ লগতে মাটি দখল কৰাৰ ঘটনা চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে কিন্তু এই কাম ৰোধ কৰাৰ বাবে চৰকাৰৰ নাই কোনো বিশেষ ব্যৱস্থা। কেতিয়াবা অভিযান চলাই যদিও সেয়া নহয় পৰ্যাপ্ত। ভঙাগড়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পিছফালে থকা পাহাৰত নতুন প্ৰকল্পৰ নিৰ্মাণৰ কাম চলি আছে। যাৰ বাবে কৰা হৈছে পাহাৰ ধ্বংস। এনেদৰে ধ্বংস কৰা হৈছে সেউজীয়া পৰিৱেশক।

এনেদৰে কৰা হয় উচ্ছেদ।

যোৰাবাটত পাহাৰ খান্দি শিক্ষানুষ্ঠান নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্য কিমান গ্ৰহণযোগ্য। থিক তেনেদৰে সোণাপুৰত ডন বস্ক বিশ্ববিদ্যালয় নিৰ্মাণ কৰিবলৈ মাটি দিয়া কাৰ্যও কোনো লোকে সমৰ্থন কৰিব নোৱাৰে। বৰবাৰী, পাথৰকুৱাৰীত একাংশ আৰক্ষী বিষয়া আৰু আমোলাই ডাঙৰ ডাঙৰ দালান সাজিছে। পাহাৰ কাটি সেইসকল বিষয়াই সাজিছে সপোনৰ ঘৰ। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গছ ৰোৱা হ'লে সৌন্দৰ্যৰ লগতে সুৰক্ষিত হ'লহেতেন নদীখন। ব্ৰহ্মপুত্ৰৰ পাৰত গছ ৰুই খহনীয়া ৰোধৰ কথা ক'লেও কিমান পৰিমাণে সেয়া কাৰ্যকৰী হৈছে আজিৰ তাৰিখত সকলো লোকৰে চকুৰ আগত। নদীখনৰ দুয়োপাৰে শিপা থকা গছ ৰোৱা হ'লে খহনীয়া প্ৰতিৰোধৰ বাবে সহায়ক হ'ল হেতেন।

খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ…

চৰকাৰে পথৰ কাষত গছপুলি ৰোৱাৰ কথা বিভিন্ন সভা-সমিতিত কোৱা দেখা যায়। কিন্তু পথৰ কাষত গছ ৰোৱাৰ বাবে চৰকাৰৰ নাই কোনো আঁচনি। কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গছ ৰোৱাৰ বাবে প্ৰয়োজন হ'ব বহু টকাৰ। সমগ্ৰ অসমত ২০০৪ চনৰ পৰা ৪ লেনযুক্ত পথ নিৰ্মাণৰ বাবে লাখ লাখ গছ কটা হৈছিল। যোৱা ১৫-২০ বছৰত নিৰ্মাণ কৰা পথত এদালো গছ ৰোৱা নাই। শেহতীয়াকৈ খোদ ৰাজধানী দিছপুৰতে গছ কাটি তহিলং কৰা হৈছে। ৰাজধানীৰ কাষতে থকা আমচিঙৰ কাষৰীয়া ঠাই সমূহৰ গছ-গছনি, পাহাৰ কাটি তহিলং কৰা হৈছে। কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বন বিভাগে। কিয়নো অতি প্ৰভাৱশালী চক্ৰ জড়িত আছে অবৈধ খনন আৰু পাহাৰ কাটি তহিলং কৰা কাৰ্যৰে সৈতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in