ঢকুৱাখনাত বন বিভাগৰ অভিযানঃ জব্দ চোৰাং কাঠ ভৰ্ত্তি গাড়ী…

ঢকুৱাখনাত বন বিভাগৰ অভিযানঃ জব্দ চোৰাং কাঠ ভৰ্ত্তি গাড়ী…

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা উপ বন খণ্ডৰ অধীনৰ বাগিছাগাঁৱত কাহিলি পুৱাই বন বিভাগৰ লোকে অভিযান চলাই চোৰাং কাঠ কঢ়িয়াই নিয়া এখন বগা ৰঙৰ বলেৰু পিক- আপ-এফ,বি গাড়ী জব্দ জব্দ কৰিবলৈ সক্ষম হয়।

ঢকুৱাখনা উপ বন খণ্ডৰ ফৰেষ্টাৰ-২ চন্দ্ৰকান্ত দাসে জনোৱামতে এই গাড়ীখনে বিগত কিছুদিন ধৰি বন বিভাগৰ চকুত ধুলি দি দাংধৰা অঞ্চলৰ বিভিন্ন স্থানৰ পৰা চোৰাংভাৱে শিমলু কাঠ সৰবৰাহ কৰি আহিছিল।অৱশেষত আজি বন বিভাগৰ কৌশলী অভিযানত কাঠভৰ্তি গাড়ীখনৰ লগতে চালকজনকো আটক কৰিবলৈ সক্ষম হয়।

গাড়ীখনত-৫০ কে,বিৰো অধিক কাঠৰ তক্তা,বৰঙা আছিল।ঢকুৱাখনা বন বিভাগে জব্দ কৰি নিজৰ জিম্মাত ৰখা গাড়ীখনৰ নম্বৰ হ'ল-এ,এছ,-০৭,এ,চি-৭১৮৯।উল্লেখ্য যে এতিয়াও ঢকুৱাখনাৰ নৈ পৰীয়া অঞ্চলৰ চাপৰিবোৰত অবাধে শিমলু গছ কাটি একাংশ অসাধু লোকে চোৰাং বেপাৰ চলাই গৈছে যদিও পৰ্যাপ্ত বনকৰ্মীৰ অভাৱত ঢকুৱাখনা উপ-বন খণ্ডৰ কাৰ্যালয়ে চোৰাং কাঠৰ বেহা নিয়ন্ত্ৰণত সফল হ'ব পৰা নাই।

গুৰুত্বপূৰ্ণ কথা যে ঢকুৱাখনা উপ-বন খণ্ডৰ কাৰ্যালয়ৰ একমাত্র কৰ্মচাৰী ফৰেষ্টাৰ-২ গৰাকীয়ে সামাজিক বনানীকৰণ বিভাগৰ পৰা এটাছমেন্টত অনা তিনিজন কৰ্মচাৰীক সাৰথি কৰি ঢকুৱাখনা মহকুমাৰ ২২ টা পঞ্চায়তৰ এলেকাৰ কাম-কাজ চোৱাচিতা কৰিব লাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in