বন বিভাগে জব্দ কৰিলে বন্যহাতী মহতীয়াই নিয়া ৰে’লৰ ইঞ্জিন, বৰ্খাস্ত ২জন ৰে’ল চালক…

বন বিভাগে জব্দ কৰিলে বন্যহাতী মহতীয়াই নিয়া ৰে’লৰ ইঞ্জিন, বৰ্খাস্ত ২জন ৰে’ল চালক…

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ বন বিভাগে সামগ্ৰী কঢ়িয়াই নিয়া এটা ৰেলৰ ইঞ্জিন জব্দ কৰিছে। ২৭ চেপ্টেম্বৰত এই ৰেলখনে ২ টা বন্যহাতী মহতীয়াই নিছিল। ৰেলৰ খুন্দাত এজনী হাতী আৰু এটা পোৱালি হাতীয়ে কৰুণ মৃত্যুক সাৱতি লৈছিল।

ঘটনাৰ তদন্তত কৰিবলৈ ডিএফঅ ৰাজীৱ দাসে বামুনীমৈদানৰ ৰেলৱে ৱাৰ্ডত অভিযান চলাই  'লকমটিভ' জব্ধ কৰে। উক্ত ঘটনাত ৰেল ইঞ্জিনটোৱে প্ৰায় ১ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত পোৱালী হাতীটোক মহতীয়াই নিছিল। বনবিভাগে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ অধীনত ৰেলৱেৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহন কৰিছে। ইতিমধ্যে মূখ্য লক পাইলট আৰু আৰু সহযোগী লক পাইলটক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ৰেল বিভাগে।

উল্লেখযোগ্য যে ঠাইডোখৰ পূৰ্বৰে পৰা জনাজাত আছিল এলিফেন্ট কৰিডৰ হিচাপে । সেই অনুসৰি ঠাইখিনিত ৰেলৰ গতিবেগ হ্ৰাস হোৱাটো অৱধাৰিত আছিল। এই সম্পৰ্কত সংবাদ মাধ্যমত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়, ৰেলৱে ট্ৰেকত হাতীৰ কৰুণ মৃত্যু বন্ধ হ'বই লাগিব।বনবিভাগে ৰেলৱেৰ বিৰুদ্ধে আগলৈয়ো এনে কঠোৰ পদক্ষেপ গ্ৰহন কৰাৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in