মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী

মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী

ডিজিটেল ডেস্কঃ হস্তী মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। দৈনিক ৰাজ্যত বন্য হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে বহু লোকে। শেহতীয়াকৈ গোৱালপাৰা জিলাৰ ৰংজুলিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ট্ৰেংকুলাইজ কৰা কৃষ্ণ নামেৰে জনাজাত হোৱা হাতীটোৰ কথাই ক'ব পাৰি।

দেওবাৰে মহানগৰীৰ নাৰেংগীৰ সাত গাঁৱত বন বিভাগে আৰক্ষী আৰু নাৰেংগী সেনা চাউনীৰ সেনাৰ সহযোগত পানী টেংকীত পৰা পোৱালিৰ সৈতে এটা হাতী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, দেওবাৰে পুৱাই বনাঞ্চলৰ পৰা জনাঞ্চললৈ পোৱালিৰ সৈতে ওলাই অহা এটা হাতী পানী ৰখা টেংকীত পৰি যায়। লগে লগে ভাৰতীয়ে সেনাৰ জেচিবিৰ সহায়ত ততাতৈয়াকৈ বন বিভাগ আৰু সেনাই পোৱালীসহ হাতীটোক উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে।

ভয়ংকৰ বিপদৰ পৰা কোনোমতেহে ৰক্ষা পৰে অঞ্চলটো। কিয়নো বন বিভাগে যদিহে পোৱালিৰ সৈতে হাতীটোক সময়মতে উদ্ধাৰ কৰিব নোৱাৰিলেহেতেন তেতিয়া জাকৰ আন হাতী আহি অঞ্চলটোত আক্ৰমণাত্মক হৈ পৰাৰ সম্ভাৱনা আছিল। উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱা স্থানৰ ওচৰতে সেনাৰ চাউনী থকাৰ বাবে সেনাবাহিনীৰ জোৱানসকলৰ সহযোগত বন বিভাগে পোৱালিসহ হাতীটো তৎপৰতাৰতাৰে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সফল হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in