কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ ৪৯ নিকটাত্মীয়ক অনুকম্পামূলক নিযুক্তি পত্ৰ প্ৰদান মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ ৪৯ নিকটাত্মীয়ক অনুকম্পামূলক নিযুক্তি পত্ৰ প্ৰদান মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'আমাৰ বন বিভাগে সদায়েই বিভাগটোত কৰ্তব্যৰত বিষয়া-কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু দায়ৱদ্ধতাক গুৰুত্ব দি আহিছে। সেয়ে চৰকাৰী নীতি অনুযায়ী কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাৱটি লোৱা বিষয়া-কৰ্মচাৰীসকলৰ যোগ্য নিকট আত্মীয়ক অনুকম্পামূলক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰি আহিছে।' বুধবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অৰণ্য ভবনত আয়োজিত এক অনুষ্ঠানত বিভাগটোত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা বিষয়া-কৰ্মচাৰীসকলৰ নিকটাত্মীয় ৪৯ গৰাকী যোগ্য প্ৰাৰ্থীক অনুকম্পামূলক নিযুক্তি পত্ৰ প্ৰদান কৰি এইদৰে কয় বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোত মৃত কৰ্মচাৰীসকলৰ আত্মাৰ সদগতি কামনা কৰি বিভাগটোৰ প্ৰতি তেওঁলোকে আগবঢ়াই যোৱা অৱদানৰ কথাও শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ আৰু কয় যে, অনুকম্পামূলক নিযুক্তিয়ে আপোনজনক হেৰুৱাৰ বেদনা পাহৰাব নোৱাৰে যদিও এই নিযুক্তিয়ে তেওঁলোকক সাহস প্ৰদান কৰিব আৰু দেশ তথা ৰাইজৰ হকে কাম কৰাৰ সুযোগ প্ৰদান কৰিব। উল্লেখ্য যে, বুধবাৰে অনুকম্পামূলক নিযুক্তি প্ৰদান কৰাসকলৰ ৯জনক পিয়ন, এজনক চেইনমেন, এজনক ডাক-ৰানা, ২জনক ঘাঁচি, ২৫ জনক মালী, ৪ জনক নৌকাচালক আৰু ৭ জনক চকীদাৰ পদত মকৰল কৰা হয়।

নিযুক্তি পোৱাসকলক অসমৰ বিভিন্ন বন সংমণ্ডলত খালী হৈ থকা পদসমূহত মকৰল কৰা হৈছে। বিভাগীয় সূত্ৰই সদৰী কৰা মতে, ২০১১ চনৰ ১ জানুৱাৰীৰ পৰা ২০১৭ চনৰ ৩১ মাৰ্চ পৰ্যন্ত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বিষয়া-কৰ্মচাৰীসকলৰ বিপৰীতে এই অনুকম্পামূলক নিযুক্তি প্ৰদান কৰা হৈছে। যোৱা ৬ জুলাইতো ১৩৯ জন মৃত বিষয়া-কৰ্মচাৰীৰ যোগ্য আত্মীয়ক নিযুক্তি প্ৰদান কৰা হৈছিল। বুধবাৰে পুনৰ ৪৯ জনক নিযুক্তি পত্ৰ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এই অনুকম্পামূলক নিযুক্তি প্ৰক্ৰিয়াক অধিক খৰতকীয়া কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰে। বুধবাৰৰ অনুষ্ঠানটোত বন বিভাগৰ কেবাগৰাকী শীৰ্ষ বিষয়াৰ লগতে বন আৰু পৰিবেশ বিভাগৰ আয়ুক্ত সচিব দীপক মজুমদাৰেও অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in