লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰতিবাদী সমাবেশত প্ৰথমবাৰলৈ চামিল জাতীয়-জনগোষ্ঠীয় সাহিত্য সভা

লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰতিবাদী সমাবেশত প্ৰথমবাৰলৈ চামিল জাতীয়-জনগোষ্ঠীয় সাহিত্য সভা

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাত চলা সংগ্ৰামে সমগ্ৰ ৰাজ্য উত্তাল কৰি থকাৰ সময়ত আজি প্ৰথমবাৰৰ বাবে খিলঞ্জীয়াৰ অস্তিত্বৰে জড়িত এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ একত্ৰিত হ'ল ৰাজ্যখনৰ প্ৰধান জাতীয় জনগোষ্ঠীয় সাহিত্য সভা সমূহ।

গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক প্ৰতিবাদী সমাৱেশত ৰাভা সাহিত্য সভা, দেউৰী, বড়ো, ,কাৰ্বি, গাৰো, ডিমাছা, মিছিং সাহিত্য সভাৰ লগতে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা আৰু বিষ্ণু প্ৰিয়া সাহিত্যসভাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে.

অংশগ্ৰহণকাৰী জনজাতীয় সাহিত্য সভাৰ নেতা সকল  ভিৰতৰত ৰাভা সাহিত্য সভাৰ সম্পাদক প্ৰধান ৰাজকুমাৰ ৰাভা, বড়ো সাহিত্য সভা তথা খিলঞ্জীয়া সাহিত্য সভাৰ সম্পাদক প্ৰধান কমলা মুছাহাৰী, সভাপতি গোবিন্দ টাইত। মিছিং সভাপতি বিদ্যুৎ বিকাশ সেনাপতি, বিষ্ণুপ্ৰিয়া সাহিত্য সভাৰ সভাপতি লক্ষীন্দৰ সিং। অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সম্পাদক পদুম ৰাজখোৱাৰ লগতে বিশিষ্ট সাহিত্যিক-সমালোচক উদয়াদিত্য ভৰালী লক্ষ্মীনাথ তামুলী, অদীপ ফুকন, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, কৃষক নেতা অখিল গগৈ। অগপৰ কেশৱ মহন্ত, সত্যব্ৰত কলিতা উপস্থিত থাকে।

সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক তীব্ৰ বিৰোধিতা কৰি ইয়াক তাৎক্ষণিকভাৱে বাতিল কৰা দাবী উত্থাপন কৰাৰ লগতে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাইৰ গোচৰ শীঘ্ৰে প্ৰত্যাহ্বাৰ কৰা। ৩১ জানুৱাৰীৰ ভিতৰত ৩ বছৰৰ পূৰ্বে ধাৰ্য্য হোৱা ভাষা নীতি বলবৎ কৰা আৰু এই নীতি অসমৰ সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত নিশ্চিত কৰা, ৬ গোষ্ঠীৰ জনজাতি কৰাৰ দীৰ্ঘদিনীয়া দাবী কাৰ্যকৰী কৰাৰ লগতে এই সংৰক্ষণ ব্যৱস্থাই যাতেআন জনজাতিৰ স্বাৰ্থ নষ্ট নকৰে সেই সন্দৰ্ভত সুষ্পষ্ট নীতি গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হয়।

উল্লখ্য যে, কেবিনেটৰ প্ৰতিবাদত ৰাজ্যজুৰি চলি থকা দল-সংগঠনৰ আন্দোলনক আজি অনুষ্ঠিত প্ৰতিবাদী সমাবেশে নিশ্চিত ভাৱেই এক নতুন মাত্ৰা প্ৰদান কৰিছে। অৱশ্যে ইয়াৰ পিছতো অসম চৰকাৰৰ হোচ আহেনে নাই বেয়া অনিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in