গহপুৰত ফুটবল প্ৰতিযোগিতা, অৰুণাচলৰ ডুবি ৰাইনো চূড়ান্ত বিজয়ী

গহপুৰত ফুটবল প্ৰতিযোগিতা, অৰুণাচলৰ ডুবি ৰাইনো চূড়ান্ত বিজয়ী

ডিজিটেল সংবাদ, উত্তৰ অসমঃ গহপুৰ মহকুমাৰ কামদেৱাল খেল পথাৰত কামদেৱাল ক্ৰীড়া সন্থাৰ সৌজন্যত ২৮ আগষ্টৰ পৰা চলি থকা চলন্ত ট্ৰফী ও প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজিৰ চূড়ান্ত খেলখনত ডুবি ৰাইনো কোচিং চেন্টাৰে (হাৰমতি, অৰুণাচল প্ৰদেশ) ৰঙাপাৰা ৰেলৱে পুলিচক ৪-১ গ'লৰ ব্যৱধানত পৰাভূত কৰে।

দহ সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজে উপভোগ কৰা ফাইনেল খেলখনত ডুবি ৰাইনোৰ হৈ চাৰিটা গ'ল দিয়ে হেমন্ত হ'ৰে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ৰঙাপাৰা ৰেলৱে পুলিচে এটা গ'ল দিবলৈ সক্ষম হৈছিল যদিও ডুবি ৰাইন'ৰ সুদক্ষ খেলুৱৈসকলক পৰাভূত কৰিবলৈ অসমৰ্থ হয়।

৪-১ গ'লৰ ব্যৱধানত হাৰমতীৰ ডুবি ৰাইনোৱে চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। খেলৰ অন্তত অৱসৰপ্ৰাপ্ত শিক্ষক, ক্ৰীড়া সংগঠক বলীন পূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, গহপুৰ মহকুমাধিপতি ড০ ইন্দ্ৰানসী দাস, গহপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰুৱা, সাধাৰণ সম্পাদক গোপাল শইকীয়া, সমাজ কৰ্মী নোমল বৰুৱাকে ধৰি বৃহত্তৰ কামদেৱাল অঞ্চলৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে।

উল্লেখ্য যে ৰঙাপাৰা ৰেলৱে পুলিচৰ সুদীপ দৈমাৰীক শ্ৰেষ্ঠ খেলুৱৈ, ডুবি ৰাইন'ৰ ছাম দুদুক শ্ৰেষ্ঠ গ'ল দাতা, ডুবি ৰাইন'ৰ মাৰচেল চাউৰিয়াক শ্ৰেষ্ঠ গ'লৰক্ষক আৰু ডুবি ৰাইন'ৰ হেমন্ত হ'ৰক ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়।

তদুপৰি চূড়ান্ত বিজয়ী দল ডুবি ৰাইন' আৰু ৰাণাৰ্চ আপ ৰঙাপাৰা ৰেলৱে পুলিচ দলক জীৱন চন্দ্ৰ মেধি সোঁৱৰণী চলন্ত ট্ৰফী বঁটাৰ লগতে ক্ৰমে ২০ হাজাৰ আৰু ১০ হাজাৰ টকাৰ প্ৰাইজমানি প্ৰদান কৰে তেওঁৰ পুত্ৰ, দক্ষিণ কলাবাৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি অপু মেধিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in