গৰৈমাৰীত আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ আয়োজন

গৰৈমাৰীত আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী টাউন ক্লাব খেলপথাৰত অহা ৪ জানুৱাৰীৰ পৰা অসম ফুটবল সন্থাৰ উদ্যোগত দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সহযোগত অসম ভিত্তিত ক্ষীৰোদ বৰুৱা মেম'ৰিয়েল ২০১৮-১৯ বৰ্ষৰ ৬৭সংখ্যক আন্তঃজিলা ছিনিয়ৰ চেম্পিয়নশ্বিপ ফুটবল খেলৰ আয়োজন কৰা হৈছে৷

জানিব পৰামতে, অনুষ্ঠিত হ'বলগীয়া ফুটবল প্ৰতিযোগিতাত গুৱাহাটী, বিজনী, শালবাৰী, বাক্সা, বৰপেটা, গোসাইগাঁও, কামৰূপ, বঙাইগাঁও, বজালী আৰু পৰ্বতঝোৰাৰ প্ৰতিযোগী দলসমূহ অংশগ্ৰহণ কৰিব৷ উক্ত খেলসমূহত ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in