৪০ সংখ্যক অম্বা মেধি সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল খেলৰ ফাইনেলত অসম পুলিচক হৰুৱাই চেম্পিয়ন বিদ্যুৎ পৰিষদ…

৪০ সংখ্যক অম্বা মেধি সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল খেলৰ ফাইনেলত অসম পুলিচক হৰুৱাই চেম্পিয়ন বিদ্যুৎ পৰিষদ…

ডিজিটেল সংবাদ, মঙলদৈঃমঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ৪০ সংখ্যক অম্বা মেধি সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ চেম্পিয়ন হৈছে। মঙলদৈ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত বৃহস্পতিবাৰ ৰাতি হোৱা ফাইনেল খেলত টাইব্ৰেকাৰৰৰ জৰিয়তে সামগ্ৰিকভাৱে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে অসম পুলিচক ৭ – ৫ গ'লত পৰাজিত কৰে। নিৰ্ধাৰিত সময়লৈ খেলখন ৩ – ৩ গ'লত অমীমাংসিত হৈ ৰৈছিল।

অম্বা মেধি সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত পোণপ্ৰথম বাৰৰ বাবে নৈশালোকত হোৱা ফাইনেল খেলত পাঁচ সহস্ৰাধিক দৰ্শক উপস্থিত থাকে। খেলখনৰ প্ৰথমাৰ্ধত নিজৰ আধিপত্য বিস্তাৰ কৰি বিদ্যুৎ পৰিষদ ৩ – ০ গ'লত অগ্ৰগতি লাভ কৰে। খেলৰ ২৬ মিনিট আৰু ৩৩ মিনিটত আক্ৰাং নাৰ্জাৰীয়ে স্ক'ৰ কৰি দলক ২ – ০ গ'লত অগ্ৰগতি দিয়ে। ইয়াৰ ৫ মিনিট পিছতে বিদ্যুৎ পৰিষদৰ চুজুলাল ব্ৰহ্মই স্ক'ৰ কৰি ব্যৱধান ৩ ‌- ০ কৰে। দ্বিতীয়াৰ্ধত উজ্জীৱিত খেল প্ৰদৰ্শন কৰে অসম পুলিচে।

দলৰ বলোৰাম বসুমতাৰীয়ে ২৯ মিনিট আৰু ৩৫ মিনিটত একেলেথাৰিয়ে দিয়া দুগ'লৰ জৰিয়তে ব্যৱধান ২ ‌- ৩ কৰে। খেল শেষ হবলৈ এক মিনিট থকা অৱস্থাত অসম পুলিচৰ মফিদুল ইছলামে এ'গল পৰিশোধ কৰি ব্যৱধান ৩ – ৩ কৰে। সাংসদ দিলীপ কুমাৰ শইকীয়াই উদ্বোধন কৰা এই খেলখন পৰিচালনা কৰে ক্ৰমে জিগিৰ বড়ো, আব্দুল হান্নান, দেবেন চন্দ্ৰ বড়ো আৰু মোবাৰক হুছেইনে। খেলৰ অন্তত চেম্পিয়ন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক অসম অলিম্পিক সন্থাৰ উপ-সভাপতি গুৰুজ্যোতি দাস আৰু দাঁতা বীৰেণ মেধিয়ে অম্বা মেধি সোঁৱৰণী বঁটা, ৰাণাৰ্চ আপ অসম পুলিচক মঙলদৈ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অনুপম ডেকাই ৰত্নেশ্বৰ কটকী সোঁৱৰণী বঁটা আৰু শ্ৰেষ্ঠ খেলুৱৈ আক্ৰাং নাৰ্জাৰীক বিদ্যাৰাম মেধি সোঁৱৰণী বঁটা দাঁতা দুলুমণি মেধিয়ে আৰু শ্ৰেষ্ঠ গ'লকিপাৰৰ বঁটা বিশাল চাহুক ক্ৰীড়া সংগঠক প্ৰতাপ বৰদলৈয়ে প্ৰদান কৰে।

তদুপৰি দৰং জিলা ফুটবল ৰেফাৰী কল্যাণ সংস্থাই প্ৰবীণ ৰেফাৰী ক্ৰমে চমুৱাপাৰাৰ যোগেন বৰুৱা, মঙলদৈৰ আলোক শৰ্মা আৰু জন্মেজয় সাহাক সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে এই অনুষ্ঠানতে মঙলদৈ ছুপাৰ ডিভিজন ফুটবল লীগৰ চেম্পিয়ন মঙলদৈ টাউন ক্লাবক ডাঃ ৰেৱতী মোহন বৰদলৈ সোঁৱৰণী বঁটা, 'এ' ডিভিজন ফুটবল লীগৰ চেম্পিয়ন দলগাঁও ক্ৰীড়া সন্থাক জ্যোতিৰিন্দ্ৰ নাৰায়ণ দেৱ সোঁৱৰণী বঁটা, ভলীবল লীগৰ চেম্পিয়ন হাজৰিকাপাৰা ক্ৰীড়া সন্থাক নবীন চন্দ্ৰ চহৰীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। অম্বা মেধি ফুটবল প্ৰতিযোগিতাত ৮ টা দলে যোগদান কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in