বাহিৰত খাবলৈ গৈ প্লেটত আপুনিও এৰি থৈ আহে নেকি আহাৰ? তেন্তে এইখন ৰিজ’ৰ্টলৈ ভুলতো নাযাব…

বাহিৰত খাবলৈ গৈ প্লেটত আপুনিও এৰি থৈ আহে নেকি আহাৰ? তেন্তে এইখন ৰিজ’ৰ্টলৈ ভুলতো নাযাব…

ডিজিটেল ডেস্কঃ খাদ্যৰ অপচয় দিনক দিনে এক ডাঙৰ সমস্যা হৈ পৰিছে সমগ্ৰ বিশ্বৰ বাবে। এক সমীক্ষা অনুসৰি প্ৰতিবছৰে বিশ্বৰ ১.৩ আৰৱ টন খাদ্য সামগ্ৰীৰ অপচয় হয় আৰু এই পেলনীয়া খাদ্যসমূহে একোখন পাহাৰৰ সৃষ্টি কৰে। পথাৰৰ পৰা প্লেটলৈকে হোৱা এই অলপ অলপ অপচয়ৰ বিষয়ে আমি চিন্তা নকৰো। কিন্তু পৃথিৱীত এনে বহু লোক আছে, যিসকলে দিনটোত এসাজ পেট ভৰাই খাবলৈ নাপায় অথবা দুৰ্ভিক্ষৰ বলি হৈ মৃত্যুমুখত পৰিব লগা হয়।

বিশ্বৰ এক সমীক্ষা অনুসৰি, সমগ্ৰ বিশ্বৰ ৮২ কোটি লোকে দিনটোত এসাজ পেট ভৰাই খাবলৈ নাপায়। বিশ্বৰ দুৰ্ভিক্ষৰ তালিকাৰ ভাৰত আছে ১০২ নং স্থানত। তাৰ বিপৰীতে পাকিস্তান ৯৪নং স্থানত, বাংলাদেশ ৮৮নং স্থানত আৰু শ্ৰীলংকা ৬৬নং স্থানত আছে এই তালিকাৰ। সমীক্ষা অনুসৰি কেৱল ভাৰততে বছৰি ৫০ কোটি টকা মূল্যৰ খাদ্য সামগ্ৰীৰ অপচয় হয়। এই খাদ্য সামগ্ৰী অপচয়ৰ দিশত চাবলৈ গ'লে বিলাসী ৰেষ্টুৰেণ্ট সমূহতে সৰ্বাধিক হয় খাদ্যৰ অপচয়।

খাদ্যৰ এনে অপচয়ৰ প্ৰতি লক্ষ্য ৰাখিয়েই কৰ্ণাটকৰ কুৰ্গত থকা এখন ৰিজ'ৰ্টে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ। পাহাৰীয়া অঞ্চল আৰু নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ কুৰ্গৰ ইবনী স্পা এণ্ড ৰিজ'ৰ্টে তাত খাদ্য গ্ৰহণ কৰা গ্ৰাহক সকলক খাদ্যৰ অপচয় নকৰিবলৈ আহ্বান জনায়। যোৱা ৬ মাহে এই ৰিজ'ৰ্টখনে খাদ্যৰ অপচয় ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

ইবনী স্পা এণ্ড ৰিজ'ৰ্টত কোনো অতিথিয়ে প্লেটত খাদ্য এৰিলে তাৰ বাবদ জৰিমণা বিহাৰ ব্যৱস্থা কৰিছে ৰিজ'ৰ্ট কৰ্তৃপক্ষই। অতিথিয়ে অপচয় কৰা খাদ্যখিনিৰ ওজন কৰি তাৰ মূল্য নিৰ্ধাৰণ কৰি প্ৰদান কৰা হয় বিল। অপচয় হোৱা প্ৰতি ১০ গ্ৰাম খাদ্যৰ বিপৰীতে গ্ৰাহকে প্ৰদান কৰিব লাগে ১০০ টকাকৈ। এনেদৰে লাভ কৰা ধন ৰিজ'ৰ্টখনে স্বেচ্ছাসেৱী সংস্থাক প্ৰদান কৰি আহিছে।

ৰিজ'ৰ্টখনৰ এনে পদক্ষেপে তাত খাবলৈ অহা গ্ৰাহকসকলক খাদ্যৰ অপচয়ত সতৰ্ক কৰি দিয়াৰ লগতে সমাজৰ বাবে এক যোগাত্মক বাৰ্তাও প্ৰেৰণ কৰিছে। ৰিজ'ৰ্টখনৰ এই অভিনৱ কাৰ্যপন্থাক সাধাৰণ লোকেও আদৰি লোৱা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in