গোগামুখত খাদ্যত বিষক্ৰিয়া, শিশুসহ অৰ্ধশতাধিক আক্ৰান্ত

গোগামুখত খাদ্যত বিষক্ৰিয়া, শিশুসহ অৰ্ধশতাধিক আক্ৰান্ত

ডিজিটেল সংবাদ, গোগামুখঃ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ভুমা পদ্মপুৰত খাদ্যত বিষক্ৰিয়া হৈ ১৬টি শিশুসহ অতিকমেও ৯০জনকৈ লোক চিকিৎসাধীন হ'বলগীয়া হৈছে।

জানিব পৰা মতে, ভুমা পদ্মপুৰ নামৰ গাওঁখনত শুকুৰবাৰে এটা পৰিয়ালত অনুষ্ঠিত হৈছিল দহা কৰ্ম। এই দহা কৰ্মত আহাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা শতাধিক লোক জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হয়। ইয়াৰে ১৬ টি শিশুসহ ৯০ জনকৈ লোকৰ অৱস্থা গুৰুতৰ হোৱাত গোগামুখ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।

দুৰ্ভাগ্যজনকভাৱে গোগামুখ চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণে চিকিৎসক আৰু বিছনা নথকাৰ বাবে এখন বিছনাত তিনি-চাৰি গৰাকীকৈ ৰোগী থাকিবলগীয়া হৈছে। ফলত ৰোগীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।

গোগামুখত চিকিৎসা অসম্ভৱ হৈ পৰাত কেবাজনো ৰোগীক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ আৰু ধেমাজিলৈ প্ৰেৰণ কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in