৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি

৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি

ডিজেটেল ডেস্কঃ কেৰালাসহ দেশৰ ৭ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে। এই পৰ্যন্ত বান আৰু ভূমিস্খলনত ৰাজ্যকেইখনত মৃত্যমুখত পৰিছে ১০০০তকৈও অধিক লোকৰ। কেৰালাত শুকুৰবাৰে বানত নিহতৰ সংখ্যা ৩২৭ জনলৈ বৃদ্ধি পাইছে বুলি সদৰী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে।

ইফালে আৰু কেবাদিনো ধৰি এই ৰাজ্যকেইখনত প্ৰৱল বৃষ্টিপাত অব্যাহত থাকিব বুলি আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞানীসকলে। তালৈ চাই এইবাৰ দেশত বানত নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে।

কেৰালাত ১৪ খনকৈ জিলাৰ ২৪০৬ খন গাঁও বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত হৈছে ২৬,৪০০ হেক্টৰতকৈও অধিক কৃষিভূমিৰ। ৰাজ্যখনত গৃহহাৰা হৈছে ২ লক্ষাধিক লোক। যোৱা ১০০ বছৰৰ ভিতৰত এইটোৱেই ৰাজ্যখনৰ প্ৰথমটো বয়াৱহ বান বুলি সদৰী কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নে।

ইফালে হিমাচল প্ৰদেশৰ পিছত বানৰ কবলত পৰিছে গুজৰাটো। পশ্চিম ভাৰতৰ ৰাজ্যখনত বানত এই পৰ্যন্ত নিহত হৈছে ৫২ জনকৈ লোক। বানত আক্ৰান্ত বাকী ৰাজ্যকেইখন হৈছে উত্তৰ প্ৰদেশ, অসম, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু মহাৰাষ্ট্ৰ।

উত্তৰ প্ৰদেশত এই পৰ্যন্ত বানৰ ফলত মৃত্যু ঘটিছে ১৭১ জনকৈ লোক। অসমত ৪৫ জনকৈ লোকে বানত প্ৰাণ হেৰুৱাৰ লগতে নাগালেণ্ডত বানে প্ৰাণ কাঢ়িছে ১০ জনকৈ লোকৰ। পশ্চিমবংগত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত নিহত হৈছে ১৭০ জনকৈ লোক। মহাৰাষ্ট্ৰতো বানত প্ৰাণ গৈছে ১৩৯জনৰ। হিমাচল প্ৰদেশতো ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনত মৃত্যুমুখত পৰিছিল অতি কমেও ২০জনকৈ লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in