চাৰিওফালে কেৱল পানীঃ মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটকত বানৰ সংহাৰী ৰূপ…

চাৰিওফালে কেৱল পানীঃ মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটকত বানৰ সংহাৰী ৰূপ…

ডিজিটেল ডেস্কঃ দক্ষিণৰ কেইবাখনো ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ। মহাৰাষ্ট্ৰৰ লগতে কেৰালা আৰু কৰ্ণাটকতো অব্যাহত আছে প্ৰৱল বৃষ্টিপাত। ৰাজ্য কেইখনত শেততীয়াকৈ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মোতায়েন কৰা হৈছে ভাৰতীয় সেনাৰ কেইবাটাও দলক।

এ এন আইৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি কৰ্ণাটকত বানত প্ৰাণ হেৰুৱাইছে ৯ জন লোকে। ৰাজ্যখনৰ বান প্ৰভাৱিত অঞ্চলৰ পৰা এতিয়ালৈকে ১৬,৮৭৫ গৰাকী লোক আৰু ৩০১০ টা জন্তুক ২৭২ টা আশ্ৰয় শিবিৰলৈ স্থানাল্তৰ কৰা হৈছে।

ইফালে কেৰালাত হোৱা বানৰ ফলত ৰাজ্যথনৰ সকলো বাট-পথ এতিয়া পানীৰ তলত। এন ডি আৰ এফৰ দলে ৰাজ্যখনত বান প্ৰভাৱিত অঞ্চলৰ পৰা লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ বান পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই। কেইবাখনো চহৰত পানীৰ স্তৰ বৃহস্পতিবাৰৰ তুলনাত কমা নাই। বৰ্তমানৰ লৈকে ২৫ জনৰো অধিক লোক প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰত নৌ সেনাৰ ১২ টা দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in