খেলুৱাত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ গুৱাহাটী শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ

খেলুৱাত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ গুৱাহাটী শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ

ডিজিটেল সংবাদ, টিহুঃ নলবাৰী জিলাৰ খেলুৱাৰ বানাক্ৰান্ত ৰাইজৰ মাজত বৃহস্পতিবাৰে শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতিয়ে বান-সাহায্য বিতৰণ কৰে । নতুন খেলুৱা ৰাজহুৱা নামঘৰ প্ৰাংগনত ১২০ টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী । উল্লেখ্য যে প্ৰলয়ংকৰী বানত বিধ্বস্ত হৈছে নলবাৰী জিলাৰ বহু কেইখন গাঁও । বুঢ়াদিয়া, মৰাপাগলাদিয়া, কানাইখুন্দাৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁও বুৰাই পেলোৱাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত কৰিছিল । বানাক্ৰান্ত লোকসকলক অলপ সহায় কৰিবলৈ বৃহস্পতিবাৰে বানাক্ৰান্তসকলৰ কাষত থিয় হয় গুৱাহাটী শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতি ।

বানৰ কবলত পৰা খেলুৱা গাঁৱৰ বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বৃহস্পতিবাৰে চাউল, দাইল, মিঠাতেল, নিমখ, আটা, গুৰ, চেনি, ফলৰ ৰস, বিস্কুট, চিৰা, বিশুদ্ধ পানী আদিকে ধৰি প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে ফেইনাল, ব্লেচিং পাউদাৰ যোগান ধৰে ।

বান সাহায্য প্ৰদান অনুষ্ঠানত গুৱাহাটী শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় দুখন গাঁও পঞ্চায়তৰ সভাপতি অমৰ দাস আৰু দিনেশ ঠাকুৰীয়া , বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু নেতৃস্থানীয় ভালে সংখ্যক লোক উপস্থিত থাকে । গুৱাহাটী শুক্লেশ্বৰ দেৱালয়ৰ এনে কাৰ্যক ৰাইজে শলাগ লৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in