কাজিৰঙাত এই পৰ্যন্ত বানপানীত মুঠ ২২০টা বন্যপ্ৰাণীৰ মৃত্যু, ইয়াৰে ১৯ টা গঁড়…

কাজিৰঙাত এই পৰ্যন্ত বানপানীত  মুঠ ২২০টা বন্যপ্ৰাণীৰ মৃত্যু, ইয়াৰে ১৯ টা গঁড়…

ডিজিটেল ডেস্কঃ বানত বিধ্বস্ত হল সমগ্ৰ ৰাজ্য। ১০০ ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিলে এই বিধ্বংসী বানে। হাজাৰ হাজাৰ লোক গৃহহীন হোৱীৰ লগতে বানে ধুৱাই থৈ গ'ল বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। পৰ্যাপ্ত আন্তগাথনি অথবা লবলগীয়া সাৱধানতাৰ অভাৱত এইবাৰৰ বানত যথেষ্ট সংখ্যক বন্যপ্ৰাণীৰ মৃত্যু হল যদিও বিগত বছৰ সমূহৰ তুলনাত এইবাৰ বন্যপ্ৰাণীৰ ক্ষতিৰ সংখ্যা হ্ৰাস পাইছে।

বিভাগীয় তথ্য অনুসৰি এইবাৰৰ বানপানীত এই পৰ্যন্ত মুঠ ২২০টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ইয়াৰে পানীত ডুবি ১৮৭টা, ৩৭নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিবলৈ গৈ গাড়ীৰ খুন্দাত মৃত্যু হৈছে ১৭টা আৰু অন্যান্য কাৰণত ১১টা প্ৰাণী মৃত্যুমুখত পৰিছে।

পানীত ডুবি মৃত্যু হোৱা ১৮৭টা প্ৰাণীৰ ভিতৰত ১২০টা পহু আৰু ১৯টা গঁড় । কাৰ্বি পাহাৰলৈ আশ্ৰয় বিচাৰি যোৱা এজনী গঁড় পাহাৰ পৰা পৰি শোকাৱহভাৱে মৃত্যু হৈছিল। এইবাৰৰ বানপানীৰ সময়ত ৭০টা বন্যপ্ৰাণী কাজিৰঙাৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰি পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল।

ইয়াৰ ভিতৰৰ ৫টা পহু চিকিৎসাধীন অৱস্থাতে মৃত্য হোৱাৰ বিপৰীতে ৬১টা প্ৰাণীক পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হৈছে। বৰ্তমান বানপানীত মাতৃহাৰা হোৱা ৪টা গঁড় পোৱালিক এই কেন্দ্ৰটোত প্ৰতিপালন কৰি ৰখা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in