সৰ্থেবাৰীৰ পাৰাহকুছি-বতিয়াত বন্যাক্ৰান্তৰ হাহাকাৰ, সৰ্থেবাৰী-টিহু সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানীঃ যাতায়াত বিচ্ছিন্ন

সৰ্থেবাৰীৰ পাৰাহকুছি-বতিয়াত বন্যাক্ৰান্তৰ হাহাকাৰ, সৰ্থেবাৰী-টিহু সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানীঃ যাতায়াত বিচ্ছিন্ন

ডিজিটেল সংবাদ, চেঙাঃ প্ৰথমটো বানত বুৰিল বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল। বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে মঙলবাৰে বিয়লিৰ ভাগত ছিঙিলে পাৰাহকুছিৰ বুঢ়াদিয়া নৈৰ পাৰৰ পথ। পাৰাহকুছিত দ্বি শতাধিক পৰিয়াল বানত আক্ৰান্ত হৈ পৰিছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।

বিদ্যালয়ত শিবিৰ পাতি আশ্ৰয় লৈছে একাংশ লোকে।আন একাংশ লোকে চাংঘৰত আশ্ৰয় লৈছে। মানুহৰ লগতে বিপদত পৰিছে পশুধনো। বুঢ়াদিয়া নৈৰ তাণ্ডৱত ভয়ংকৰ পৰিস্থিতি হৈ পৰিছে পাৰাহকুছি অঞ্চলত। সৰ্থেবাৰী-টিহু সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানী।ফলত যাতায়ত বিচ্ছিন্ন হৈ পৰিছে।

আনহাতে বানত আক্ৰান্ত হৈছে সৰ্থেবাৰীৰ বতিয়া। বুঢ়াদিয়াৰ মথাউৰি নিৰ্মাণ নকৰাৰ বাবে অবৰ্ণনীয় হৈ পৰিছে বতিয়াৰ অৱস্থা। মানুহৰ ঘৰৰ ভিতৰত প্ৰায় একঁকাল হৈছে পানী।

বুঢ়দিয়াৰ বানে উটুৱাই নিলে বতিয়া-কালাতলি সংযোগী পথ। ইপিনে কালদিয়াৰ মথাউৰিৰ ওপৰেদি বাগৰিছে। জলসম্পদ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই বতিয়া গাঁও বানৰ কবলত পৰা বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in