বহি: বিশ্বৰে বিচ্ছিন্ন সমগ্ৰ কামপুৰ : বানৰ কৱলত বুঢ়াচাপৰি…

বহি: বিশ্বৰে বিচ্ছিন্ন সমগ্ৰ কামপুৰ : বানৰ কৱলত বুঢ়াচাপৰি…

ডিজিটেল সংবাদ নগাঁও : জলপ্ৰলয়ত কামপুৰ ৷ কামপুৰ মূল টাউনক বাদ দি সকলো অঞ্চল কপিলীৰ বানৰ কবলত ৷ কামপুৰ পৌৰসভাৰ ১০টা মহলাৰে লোকে বানৰ কবলত ৷ কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ ১০২ খন ৰাজহ গাঁৱত চৌদিশে এতিয়া পানী ৷ কামপুৰলৈ যাতায়ত কৰিব পৰা সকলো পথ বন্ধ ৷ পানীৰ মাজত আবদ্ধ কামপুৰৰ লক্ষাধিক লোক ৷

খানদঙ জলবিদ্যুত প্ৰকল্প আৰু কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পই ধাৰাবাহিক ভাবে প্ৰকল্পত জমা হোৱা পানী এৰি আছে ৷ খানদাঙৰ পৰা চতুৰ্থ দিনাও ধাৰাবাহিক ভাবে পানী এৰি থকা হৈছে ৷ একেদৰে কাৰ্বি লাংপিৰ পৰা তৃতীয় দিনাও পানী এৰা থকা হৈছে ৷

নগাঁও জিলাৰ মাজেৰে বৈ যোৱা সকলো নদী আৰু সূতিৰ জলপৃষ্ঠ ভয়াবহ ভাবে বৃদ্ধি পায় আছে ৷ পুৱাৰ তথ্য মতে কপিলী নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ১.৬৩ মিটাৰ ওপৰেদি বৈ আছে ৷ শুকুৰবাৰে নিশাৰ ভিতৰত ১০ চেন্টিমিটাৰ পানী বৃদ্ধি পায় ৷ ইফালে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিছে ৷ শিলঘাটত ব্ৰহ্মপুত্ৰই বিপদসীমাৰ ১৫ চেন্টিমিটাৰ ওপৰেদি বৈ আছে ৷ নগাঁও চহৰত কলঙ সূঁতিয়ে বিপদসীমা স্পৰ্শ কৰিছে ৷

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বুঢ়াচাপৰি অভয়াৰন্য প্লাবিত হৈছে ৷ নিশাৰ পৰা কোবাল গতিত অভয়াৰন্য খনিত পানী সোমাইছে ৷ অভয়াৰন্য খনি বানৰ কবলত পৰাত জীৱকুলৰ তথৈবচ অৱস্হাৰ সৃষ্টি হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in