বানে উটুৱালে ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ-সীমান্ত পথ, পানীৰ তলত মানকাচৰৰ দুই শতাধিক গাঁও

বানে উটুৱালে ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ-সীমান্ত পথ, পানীৰ তলত মানকাচৰৰ দুই শতাধিক গাঁও

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বানপানীয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰাত সোমবাৰৰ দিনলৈ বিপদসীমাৰ ১৩০ ছেণ্টিমিটাৰ ওপৰেদি পানী প্ৰবাহিত হৈছে। সোমবাৰে হাট শিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ আলগাত বানে কাঁইটীয়া তাঁৰৰ বেৰ আৰু সীমান্ত পথ উটুৱাই নিয়ে। ইফালে হাটশিঙিমাৰীৰ পৰা ভাৰত-বাংলাদেশ সীমান্তলৈ যোৱা সীমান্ত সংযোগী কোকৰাডাঙা বান্ধকাম পথটোও উটুৱাই নিয়াৰ উপক্ৰম হোৱাত অঞ্চলটোত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত থকা ভাৰত-বাংলাদেশ সীমান্তৰ আসামেৰ আলগা বিএছএফ কেম্প এলেকাৰ ১০৫১-৬এছ নম্বৰ সীমান্ত খুটিৰ কাষতে থকা কাঁইটীয়া তাঁৰৰ বেৰ আৰু বেৰৰ কাষত থকা সীমান্ত পথটোৰ প্ৰায় ১৫ মিটাৰ অংশ সোমবাৰে বিয়লি উটুৱাই নিয়ে।

সীমান্তৰ শিশুমাৰা বিএছএফ কেম্পৰ পৰা মানকাচৰৰ সদৰটিলালৈ প্ৰায় ৩০ কিলোমিটাৰ কাঁইটীয়া তাঁৰৰ বেৰ থকা সীমান্ত পথেৰে সীমান্ত সুৰক্ষা বাহীনিয়ে ২৪ ঘণ্টাৰ বাবে পহৰাৰ দিয়ে। এই পথেৰে যাতায়ত কৰে। এই পথটো বিয়লিৰ ভাগত এইদৰে বানৰ পানীয়ে উটুৱাই নিয়াত সীমান্ত সুৰক্ষা বাহীনিয়ে সীমান্তত পহৰাৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সম্মুখীন হব।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ এইদৰে বানৰ পানীয়ে উটুৱাই নিয়াত সীমান্তৰ লগতে অঞ্চলটোত এক আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে বিএছএফৰ শীৰ্ষ বিষয়া তথা জিলা প্ৰশাসনৰ ফালৰ পৰা জিলা উপায়ুক্তা আতিকা ছুলতানা, এআইইউডিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমিনুল ইছলাম, স্থানীয় বিধায়ক ডাঃ মিতউৰ ৰহমান মণ্ডলৰ লগতে জিলাখনৰ প্ৰায় প্ৰতিটো দলৰ নেতা-কৰ্মীয়ে সীমান্তৰ পৰিস্থিতৰ বুজ লয়।

ইফালে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ লগতে পথটো ভাঙি নিয়াত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ প্ৰায় ৯০ শতাংশ গাও ইতিমধ্যে বানৰ পানীয়ে বুৰাই পেলাইছে। সীমান্ত পথ বুৰ যোৱাৰ পূৰ্বে ৭০ শতাংশ গাঁও পানীৰ তলত আছিল যদিও এই পথটো উটুৱাই নিয়াত এতিয়া ন ন অঞ্চল বুৰাই পেলোৱাৰ লগতে জিলাখনৰ ৯০ শতাংশ গাঁও পানীৰ কবলত পৰিছে।

ইফালে বিগত এটা সপ্তাহ অতিক্ৰম কৰিছে জিলাখনত বানপানীয়ে। বানপানীয়ে জিলাখনৰ প্ৰায় চাৰি শতাধিক গাঁও জলমগ্ন কৰি ভয়াবহ ৰূপ লৈছে। ইতিমধ্যে বানাক্ৰান্ত লোকে নিজৰ ঘৰ দুৱাৰ এৰি আশ্ৰয় লৈ মথাউৰি তথা চৰকাৰী প্লেটফৰ্মত। মন কৰিবলগীয়া বিষয় এয়া যে বানপানীয়ে অধিকাংশ প্লেটফৰ্ম বুৰাই পেলোৱাত বানাক্ৰান্ত ৰাইজে ঘৰৰ মূধচত আশ্ৰয় ল'বলগীয়া পৰিস্থিতৰ সম্মুখীন হৈছে।

লক্ষণীয় বিষয় এয়া যে বানৰ মাজত ককবকাই থকা বানাক্ৰান্ত লোকক বান সাহায্য দিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসন কিয় নিৰৱ ভূমিকা পালন কৰিছে সেয়া ৰহস্যজনক। মথাউৰি থকা প্লেটফৰ্মত আশ্ৰয় লোৱা বানাক্ৰান্ত লোকক থকাৰ বাবে পলিথিনও যোগান ধৰা হোৱা নাই এতিয়ালৈ। কেৱল মাত্ৰ জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধি সকল বানাক্ৰান্তৰ কাষত উপস্থিত হৈ প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে ৰাইজে আজিলৈ এমুঠি বান সাহায্য নোপোৱাত ঠায়ে ঠায়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

আনহাতে হাটশিঙিমাৰী-শিশুমাৰা ভাৰত-বাংলাদেশ সীমান্তলৈ যোৱা সীমান্ত সংযোগী পথটো উটুৱাই নিয়াৰ সম্ভাবনা দেখা দিছে। ইয়াৰ পূৰ্বেও প্ৰায় চাৰি বছৰ পূৰ্বে কোকৰাডাঙা নামৰ এই ঠাইখনত সীমান্ত সংযোগী পথটো উটুৱাই নিয়াত পথটো এই বেলি নতুনকৈ নিৰ্মাণ কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰাধৰ বাবে জিঅ' বেগৰ প্ৰায় দহ কোটিতকৈ অধিক টকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰা যোগান দিয়া বুলি জনা গৈছে।

এই কামৰ ক্ষেত্ৰত চৰম দূৰ্নীতি সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল যদিও কামৰ দায়িত্বত থকা ঠিকাদাৰে গুৰুত্ব নিদিয়াত নতুনকৈ নিৰ্মাণ কৰা পথটোৰ মাজত ফুটা ওলাইছে। যিকোনো মহূৰ্তত এই পথটো উটুৱাই নিব পাৰে। অৱশ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা ততাতৈয়াকৈ ফুটা নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও পথটো উটুৱাই নিলে কোকৰাডাঙা গাঁওখনৰ লগতে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত থকা ৩০ কিলোমিটাৰ কাঁইটীয়া তাঁৰৰ বেৰ সম্পূৰ্ণৰূপে উটুৱাই নিয়াৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in