প্ৰথমটো বানত ৰাজ্যত অবৰ্ণনীয় পৰিস্থিতিঃ দুৰ্যোগৰ সময়ত কৰ্তব্য পালনৰ শিক্ষকসকলক সাজু থাকিবলৈ জাননী…

প্ৰথমটো বানত ৰাজ্যত অবৰ্ণনীয় পৰিস্থিতিঃ দুৰ্যোগৰ সময়ত কৰ্তব্য পালনৰ শিক্ষকসকলক সাজু থাকিবলৈ জাননী…

ডিজিটেল ডেস্কঃ ভূতৰ ওপৰত দাহন পৰাদি কোৰোনাৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যবাসীয়ে সন্মুখীন হব লগা হৈছে প্ৰথমটো বানপানীৰ। সকলো নৈ-উপনৈৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধিৰ পোৱাৰ লগতে বাঢ়নী পানীয়ে সহস্ৰাধিক ৰাইজক কৰিছে গৃহহীন।

ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ কেইবাখনো জিলা বানত তলত থকাৰ সময়তে অসম চৰকাৰে ৰাজ্যৰ স্কুল আৰু কলেজৰ শিক্ষক সকলৰ বাবে জাৰি কৰিছে এখন বিশেষ জাননী। ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা এই জাননীত উল্লেখ কৰা হৈছে যে, যিসকল শিক্ষক বৰ্তমান কোভিড-১৯ৰ কৰ্তব্যৰ সৈতে ওতঃপোত ভাৱে জড়িত হৈ থকা নাই, তেঁওলোকক আগন্তুক সময়ত বানপানী দুৰ্যোগৰ সময়ত কৰ্তব্যৰ বাবে সাজু থাকক।'

ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা জাৰি কৰা এই নিৰ্দেশনাত বানপানীৰ সময়ত শিক্ষকসকলক সাহায্যৰ লগতে বিভিন্ন সজাগতামূলক কাম কৰিবলৈ দিয়াৰ কথা উল্লেখ কৰা হৈছে। নিৰ্দেশনাত লগতে কোভিড ডিউটিত জড়িত নথকা অন্যান্য বিভাগৰ কৰ্মচাৰীসকলকো সাজু হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

উল্লেখ্যে যে, বছৰৰ প্ৰথমটো বানে ৰাজ্যৰ ২লাখৰো অধিক লোকক প্ৰভাৱিত কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাৰ এই অবৰ্ণনীয় পৰিস্থিতিৰ মাজতে কেইবাদিনো ধৰি প্ৰৱল বৃষ্টিপাতৰ বাব শেহতীয়াকৈ অঘটন ঘটিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত। মাত্র ৩ দিনৰ বৰষুণতেই খহি পৰিল বান্ধৰ মূল গাৰ্ড ৱালৰ লগতে সংযোগী পথটোও। এতিয়া আতংকগ্রস্ত নামনিৰ ৰাইজ, এনেসময়তে বৃহস্পতিবাৰে সোৱণশিৰি এই স্থান পৰিদৰ্শন কৰে আছুৰ এটি দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in