ৰহাত বানাক্রান্ত ৰাইজৰ মাজত স্বাস্থ্য পৰীক্ষা শিবিৰ…

ৰহাত বানাক্রান্ত ৰাইজৰ মাজত স্বাস্থ্য পৰীক্ষা শিবিৰ…

ডিজিটেল সংবাদ, ৰহাঃ ৰহা সমষ্টিৰ লংজাপ অঞ্চলৰ বানাক্রান্ত ৰাইজৰ মাজত কঠিয়াতলী প্রাথমিক স্বাস্থ্য খণ্ডৰ উদ্যোগত লংজাপত এখনি বিশাল স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত প্রায় ১০জন ডাক্টৰে চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে প্রায় ২০ জন নার্চ-কর্মচাৰীয়ে সেৱা আগবঢ়ায়।

এই শিবিৰত প্রায় ৮টা মান ৰোগৰ চিকিৎসা আগবঢ়োৱাৰ লগতে মোবাইল মেডিকেল উইনিটৰো ব্যৱস্থা কৰে। উল্লেখযোগ্য যে লংজাপ অঞ্চলৰ সৰবৰহী যুৱক পদুম বৰাৰ নেতৃত্বত মহকুমা স্বাস্থ্য বিষয়া ড৹ অাৰতি গোস্বামী আৰু খণ্ড আঁচনি প্রৱন্ধক প্রাণদ্বীপ কুমাৰ নাথৰ এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলবাসীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in