দেশত চলিত বৰ্ষত বান আৰু বৰষুণত নিহত হৈছে ৭শতাধিক লোক

দেশত চলিত বৰ্ষত বান আৰু বৰষুণত নিহত হৈছে ৭শতাধিক লোক

ডিজিটেল ডেস্কঃ চলিত বৰ্ষত বান আৰু বৰষুণত দেশত নিহত হোৱা লোকৰ সংখ্যা হৈছেগৈ ৭১৮। ৭খন ৰাজ্য এতিয়ালৈকে বান আৰু বৰষুণৰ কৱলত পৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইমাৰ্জেন্সি ৰেস্পন্স চেণ্টাৰ তথ্য অনুসৰি উক্ত সময়চোৱাত উত্তৰ প্ৰদেশত ১৭১জন, পশ্চিমবংগত ১৭০জন, কেৰালাত ১৭৮জন আৰু মহাৰাষ্ট্ৰত ১৩৯জন লোকৰ মৃত্যু হৈছে।

অসমত এতিয়ালৈকে চলিত বৰ্ষত বানত নিহত লোকৰ সংখ্যা ৪৪জন, গুজৰাটত ৫২জন আৰু নগালেণ্ডত ৮জন বুলি এন ই আৰ চিৰ সূত্ৰত প্ৰকাশ হৈছে। কেৰালাৰ বানত সন্ধানহীন হৈ আছে ২৬লোক।

বান আৰু বৰষুণৰ ফলত আহত লোকৰ সংখ্যা ২৪৪গৰাকী। বৰষুণত প্ৰভাৱান্বিত হৈছে মহাৰাষ্ট্ৰত ২৬খন, অসমত ২৩খন, পশ্চিম বংগত ২২খন আৰু কেৰালাত ১১খনকৈ জিলা। অসমত এতিয়ালৈকে এইবছৰত ১১.৪৫লাখ লোক আক্ৰান্ত হৈছে।

বান আৰু বৰষুণত নষ্ট হোৱা কৃষিভূমিৰ পৰিমাণ ২৫,৫৫২ হেক্টৰ। অসমতে উদ্ধাৰ অভিযান ১৫টা এন ডি আৰ এফৰ দল নি থোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in