ফিল্ম ফেয়াৰ এৱাৰ্ডঃ সৰুসজাইৰ পৰা প্ৰতি মুৰ্হূতৰ খবৰ, LIVE UPDATES

ফিল্ম ফেয়াৰ এৱাৰ্ডঃ সৰুসজাইৰ পৰা প্ৰতি মুৰ্হূতৰ খবৰ, LIVE UPDATES

নিশাঃ ৯.৫০ বজাতঃ ডিজিটেল ডেস্কঃ উখল-মাখল সৰুসজাই। বলিউদৰ কেইবাজনো বিশিষ্ট শিল্পীৰ লগতে ফিল্ম ফেয়াৰ অনুষ্ঠানৰ মঞ্চত পৰিৱেশন কৰা হ'ল অসম গৌৰৱ বিহু নৃত্যু। ৰঞ্জিত গগৈৰ পৰিচালনাৰে এটা দলে ফিল্ম ফেয়াৰ অনুষ্ঠানৰ মঞ্চত পৰিৱেশন কৰিলে বিহু। এই বিহুদলটোত মুখ্য নাচনীৰূপত দেখা গ'ল অভিনেত্ৰী আইমী বৰুৱা। ঢোল-পেঁপাৰ মাতত ফিল্ম ফেয়াৰ অনুষ্ঠানৰ প্ৰেক্ষাগৃহত উপস্থিত থকা সকলো দৰ্শকৰ মাজত ব্যাপক উল্লাহ পৰিলক্ষিত হ'ল।

নিশাঃ ৯. ৩০ বজাতঃ হাঁহি ধেমালিৰে চলি আছে অনুষ্ঠান

নিশাঃ ৯.১০ বজাতঃ আত ধৰোতা বিকি কৌশল আৰু কৰন জোহৰৰ ধেমেলীয়া বহু কথাৰ মাজতে অভিনেতা অক্ষয় কুমাৰৰ নৃ্ত্য।

নিশাঃ ৮.৩০ বজাতঃ কৰণ জৌহৰ আৰু বিকি কৌশলে আতঁ ধৰা অনুষ্ঠানটোত প্ৰথমেই জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ নৃত্যুই মুগ্ধ কৰে দৰ্শকক। ইয়াৰ পিছতে ফিল্ম-ফেয়াৰ অনুষ্ঠানৰ প্ৰথমটো পুৰষ্কাৰ প্ৰদান কৰে উষা উথুপে। উল্লেখ্য যে, কৰণ জৌহৰ আৰু বিকি কৌশলে জাঁপিৰে পৰিপূৰ্ণ এখন ই ৰিক্সাত উঠি প্ৰৱেশ কৰে মঞ্চত। মঞ্চত উষা উথুপে গালে 'তোক দেখি মোৰ গা' জনপ্ৰিয় অসমীয়া গীতটো।

সন্ধিয়া ৮.০২ বজাতঃ অন্ত পৰিছে বলীউডৰ তাৰকা ৰনবীৰ সিঙৰ অনুষ্ঠানৰ। নৃত্যৰ জৰিয়তে উপস্থিত সকলোকে মোহাচন্ন কৰি ৰাখে ৰনবীৰে।

সন্ধিয়া ৭.৫৫ বজাতঃ ফিল্মফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানৰ আঁত ধৰিছে কৰণ জোহৰ আৰু বিকি কৌশলে।

সন্ধিয়া ৭.৫০ বজাতঃ উপস্থিত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিল্পী জুবিন গাৰ্গ।ৰাজ্যৰ হেভীৱেট বিষয়া, আমোলা, সাংবাদিক, শিল্পীসকলো উপস্থিত আছে এই অনুষ্ঠানত।

সন্ধিয়া ৭.৪৫ বজাতঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ভূপেন হাজৰিকা, প্ৰমথেশ বৰুৱাৰ স্মৃতিচাৰণেৰে সৰুসজাইত আৰম্ভ হৈছে ফিল্ম ফেয়াৰ এৱাৰ্ডৰ মূল অনুষ্ঠানৰ।

সন্ধিয়া ৭.২০ বজাতঃ ৬.৩০ বজাৰ পৰা আৰম্ভ হ'বলগা ফিল্ম ফেয়াৰ এৱাৰ্ড প্ৰদান অনুষ্ঠান ৭.৩০ পৰ্যন্ত আৰম্ভ কৰিব পৰা নাই উদ্যোক্তাই। উদ্যোক্তাই মাইকত ঘোষণা কৰে যে ভালেকেইগৰাকী তাৰকা আহি থকা চাৰ্টাৰ ফ্লাইট অৱতৰণ কৰাত অসুবিধা হোৱাৰ বাবেই আৰু কিছু সময় তেওঁলোকৰ বাবে অপেক্ষা কৰা হৈছে।

সন্ধিয়া ৭.১০ বজাতঃ কেইবাগৰাকীও তাৰকা আহি পোৱা নাই ফিল্ম ফেয়াৰ থলী। সৃষ্টি হৈছে উখল মাখল পৰিৱেশ।

সন্ধিয়া ৭.০০ বজাতঃ কিছু সময় পিছতে আৰম্ভ হ'ব ফিল্ম ফেয়াৰ এৱাৰ্ডৰ বৰ্ণিল অনুষ্ঠান। ইতিমধ্যে মঞ্চৰ সন্মুখত উপবিষ্ট হৈছে তাৰকা শিল্পীসকল।

সন্ধিয়া ৬.০০ বজাতঃ অনুষ্ঠান আৰম্ভ হোৱাৰ শেষবাৰৰ বাবে লাইটৰ লগতে পৰীক্ষা কৰা হৈছে অন্যান্য বিভিন্ন কাৰিকৰী দিশ। গ্ৰীণ ৰূমত সাজু হৈছে বলিউদৰ কলা-কৌশলীৰ লগতে নৃত্য শিল্পী সকল।

সন্ধিয়া ৬.০০ বজাতঃ কিছু সময়ৰ পাছতে আৰম্ভ হ'ব ফিল্মফেয়াৰৰ বটাঁ বিতৰণী অনুষ্ঠানৰ মূল কাৰ্যসূচী। প্ৰায় ৭০ শতাংশ দৰ্শক আহি উপস্থিত হৈছেহি প্ৰেক্ষাগৃহত।

বিয়লি ৫.১৫ বজাতঃ ষ্টেডিয়ামৰ ভিতৰত খাদ্যৰ বিপনীত দৰ্শক ভিৰ। বিভিন্ন সুস্বাদু খাদ্যৰ লগতে চানাচুৰে লাভ কৰিছে বিশেষ আদৰ। সময় বাগৰাৰ লগে লগে বাঢ়িছে দৰ্শকৰ ভিৰ।

বিয়লি ৫.১০ বজাতঃ প্ৰৱেশৰ পৰা আদি কৰি দৰ্শকক সকলৰ আসনগ্ৰহণ কৰা লৈকে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। মঞ্চৰ প্ৰস্তুতিও সম্পূৰ্ণ।

বিয়লি ৫.০০ বজাতঃ কিছু সময়ৰ পাছতে বলিউদময় হৈ পৰিব গুৱাহাটী। বলিউদৰ বৃহৎ পুৰস্কাৰ বিতৰণী অনুষ্ঠান ফিল্মফেয়াৰ এৱাৰ্ডৰক লৈ গুৱাহাটী সৰুসজাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কেইবা তৰপীয়া সুৰক্ষা বেষ্টনীৰ মাজেদি দৰ্শক সকলক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ষ্টেডিয়ামৰ ভিতৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in