পাকিস্তানৰ বাবে ৰক্ষা পৰিল ভাৰতীয় বিমানৰ ১৫০ যাত্ৰী…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ বাবে কথমপি বাচিল এখন ভাৰতীয় যাত্ৰীবাহী বিমান। জয়পুৰৰ পৰা অ'মানৰ ৰাজধানী চহৰ মাস্কাতৰ দিশে গৈ আছিল বিমানখন। আকাশী পথতেই বিমানখনত বজ্ৰপাত পৰাত বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ উপক্ৰম হৈছিল।

সেই সময়ত পাকিস্তানৰ দক্ষিণ সিন্ধ প্ৰান্তৰ আকাশত আছিল বিমানখন। বিমানখনৰ পাইলটে পাকিস্তানৰ নিকটৱৰ্তী বিমান বন্দৰলৈ বিমানখন জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলৈ সংকেত প্ৰেৰণ কৰিছিল। দ্য নিউজ ইণ্টাৰনেশ্যনেল খবৰ অনুসৰি, এই বিমানখনত আছে ১৫০গৰাকী যাত্ৰী।

দৰাচলতে, ১৪ নবেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে কৰাচী ক্ষেত্ৰৰ ওপৰেৰে পাৰ হৈ যোৱা সময়ত সংঘটিত হৈছিল এই ঘটনা। আৰু ৩৬০০০ ফুট উচ্চতাত উৰি থকা বিমানখন ৩৪০০০ ফুট উচ্চতালৈ নামি আহিছিল। তাৰপাছতেই পাকিস্তানৰ বিমান নিয়ন্ত্ৰণ কক্ষলৈ বিপদৰ সংকেত প্ৰেৰণ কৰিছিল বিমানখনৰ পাইলটগৰাকী।

এই সংকেত লাভ কৰাৰ পাছতেই নিয়ন্ত্ৰণ কক্ষটোৰএগৰাকী কৰ্মচাৰীয়ে এই সংকেত লাভ কৰাৰ কথা জনাই পাকিস্তানৰ বিমান বন্দৰত অৱতৰণৰবাবে অনুমতি প্ৰদান কৰে আৰু সেই বিমানবন্দৰলৈ পাইলটগৰাকীৰ মাৰ্গদৰ্শন কৰে। যাৰ ফলতবিমানখনৰ আটাইকেইজন যাত্ৰীৰ প্ৰাণৰক্ষা পৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in