শদিয়াত ৫ জন নিৰীহক গুলীয়াই হত্যা, আলফা স্বাধীন জড়িত থকাৰ সন্দেহ

শদিয়াত ৫ জন নিৰীহক গুলীয়াই হত্যা, আলফা স্বাধীন জড়িত থকাৰ সন্দেহ

ডিজিটেল সংবাদ, শদিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মৰিম-মাৰিমৰ ৰাজনীতি অব্যাহত থকাৰ সময়তে তিনিচুকীয়াৰ শদিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। শদিয়া আৰক্ষী জিলাৰ অন্তৰ্গত ধলাৰ কেচাইখাতী থানাৰ সমীপৰ খেৰবাৰীত সংঘটিত এই ঘটনাত বাতৰি লিখা পৰলকৈ ৫ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।

স্থানীয় লোকসকলে আশংকা কৰা মতে সেনাৰ পোছাকত অহা দুৰ্বৃত্তৰ এটা দলে অঞ্চলটোৰ ভাষিক সংখ্যালঘু অধ্যুষিত খেৰবাৰীত প্ৰৱেশ কৰে। গাঁওখনত প্ৰৱেশ কৰি দুৰ্বৃত্তৰ দলটোৱে কেবাজনো লোকক শাৰী পাতিবলৈ নিৰ্দেশ দি জধে-মধে গুলীয়াবলৈ আৰম্ভ কৰে।

এই অতৰ্কিত আক্ৰমণত অঞ্চলটোৰ ৫জন স্থানীয় লোক থিতাতে নিহত হয়। গুলীচালনাত নিহতকেইজনক ক্ৰমে শ্যামল বিশ্বাস, সুবল দাস, অনন্ত বিশ্বাস, অবিনাশ বিশ্বাস আৰু ধনঞ্জয় নমঃশুদ্ৰ বুলি জানিব পৰা গৈছে। ঘটনাটোত আহত হৈছে আন কেবাজনো লোক। স্থানীয় লোকসকলে সেনাৰ পোছাকত অহা দুৰ্বৃত্তৰ দলটো আলফা স্বাধীনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে সেনা-আৰক্ষীৰ এটা বৃহৎ দল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাক উক্ত স্থানলৈ যাবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। মন্ত্ৰী কেশৱ মহন্ত আৰু তপন গগৈকো ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in