উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ আনন্দঃ কামপুৰৰ ঐতিহ্যমণ্ডিত দিঘলী বিলত সমূহীয়া মৎস চিকাৰ…

উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ আনন্দঃ কামপুৰৰ ঐতিহ্যমণ্ডিত দিঘলী বিলত সমূহীয়া মৎস চিকাৰ…

ডিজিটেল ডেস্কঃ ভোগালী বিহুৰ উৰুকা উপলক্ষ্যে মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো উখল মাখল পৰিৱেশে বিৰাজ কৰিছে।

উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ বাবে সকলোৱে যা-যোগাৰ কৰা ব্যস্ত হৈ পৰিছে। ইফালে উৰুকাৰ বজাৰ কৰিবলৈও বজাৰত ভিৰ কৰিছে গ্ৰাহকে।

ভোগালী বিহুৰ উৰুকাৰ দিনা পৰম্পৰা ৰক্ষা কৰি পূৰ্বৰ দৰে এইবাৰো কামপুৰ ঐতিহ্যমণ্ডিত দিঘলী বিলত সমূহীয়া মৎস চিকাৰ কৰে ৰাইজে।

উৰুকাৰ নিশা পৰিয়ালৰ সৈতে মাছৰ সৈতে এসাজ খাবলৈ হাতে হাতে জাল, প'ল আদি মাছ ধৰা সঁজুলি লৈ বিলত মাছ ধৰিবলৈ নামিছে হাজাৰ হাজাৰ লোক।

ইফালে কামপুৰৰ এই ঐতিসাহিক বিলখনলৈ মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰাও মানুহৰ স্ৰোত বোৱা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in