দৰঙত মীন বিভাগৰ অবৈধভাবে মাছ মৰা কাৰ্য্য পৰিদৰ্শন, জব্দ কেইবাখনো জাল

দৰঙত মীন বিভাগৰ অবৈধভাবে মাছ মৰা কাৰ্য্য পৰিদৰ্শন, জব্দ কেইবাখনো জাল

ডিজিটেল সংবাদ, মঙলদৈঃ সোমবাৰে অসমৰ মীন সঞ্চালক পদ্ম নাথ দাসৰ নিৰ্দেশ মৰ্মে সঞ্চালকালয়ৰ অসম মীন আইন ৰূপায়নৰ বিশেষ গোটৰ ভাৰপ্ৰাপ্ত মীন উন্নয়ন বিষয়া অনুশ্ৰী দাস, মীন উন্নয়ন বিষয়া (তথ্য) ৰাতুল শৰ্মা, দৰং জিলাৰ মীন উন্নয়ন বিষয়া জ্যোতি প্ৰভাত দুৱৰা, মীন প্ৰদৰ্শক দীপাংকৰ শৰ্মা, মইনুল হক আৰু ছিপাঝাৰ আৰক্ষীৰ থানাৰ এটা দলে দৰং জিলাৰ বিভিন্ন মুক্ত জলাশয়ত অবৈধ ভাৱে মাছ মৰাৰ কাৰ্য্য পৰিদৰ্শন কৰে।

অভিযানকালত দলটোৱে ছিপাঝাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাৰিকলী ডোঙৰ পৰা ভালেসংখ্যক অবৈধ মাছ মৰা জাল জব্দ কৰি আৰক্ষী চকীত চমজাই দিয়ে। বৰ্তমান মাছৰ প্ৰজননৰ সময়ত হোৱা হেতুকে মীন বিভাগে ৰাজ্যৰ সকলো জিলাতে প্ৰাকৃতিক জলাশয়ত অবৈধ ভাৱে মাছ মৰা ৰোধ কৰিবলৈ বিশেষ তৎপৰতা হাতত লোৱা বুলি অভিযানকাৰী দলটোৱে মন্তব্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in