বিভিন্ন মাছেৰে অগণন লোকৰ দৃষ্টি কাঢ়ি শনিবাৰে সামৰণি পৰিল মৎস ভোগ মেলাৰ

বিভিন্ন মাছেৰে অগণন লোকৰ দৃষ্টি কাঢ়ি শনিবাৰে সামৰণি পৰিল মৎস ভোগ মেলাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে সামৰণি পৰে মহানগৰীৰ বৃন্দাবন গাৰ্ডেনত অনুষ্ঠিত মৎস ভোগ মেলাৰ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত মেলাখনৰ আজিৰ সন্ধিয়া ৰাজ্য তথা দেশৰ কেইবাজনো গণ্য মান্য ব্যক্তিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷ সভাখনত উপস্থিত থাকে মীন বিভাগৰ কেইবাজনো উচ্চপদস্থ বিষয়াসহ 'অসমীয়া প্ৰতিদিন'ৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, বিশিষ্ট সাংবাদিক অদীপ ফুকন, 'প্ৰতিদিন টাইম'ৰ কাৰ্যবাহী সম্পাদক খগেন কলিতা ইত্যাদি৷

প্ৰিয়লক্ষ্মী গৌতমৰ কণ্ঠত এটি বৰগীতেৰে আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে মীন নিগমৰ প্ৰকল্প সঞ্চালক পদ্মকান্ত হাজৰিকাই৷ মাছ মাত্ৰ যে খোৱাৰ ক্ষেত্ৰতে ব্যৱহাৰ নহয়, সেই কথা উল্লেখ কৰি উদ্দেশ্য বাখ্যাত বিষয়াগৰাকীয়ে মাছৰ জৰিয়তে সূতা প্ৰস্তুত কৰি অস্ত্ৰোপ্ৰচাৰৰ সময়ত ব্যৱহাৰ কৰিব পাৰি বুলিও মন্তব্য কৰে৷ সভাখনত মন্তব্য ৰাখি মীন বিষয়া অলক সৰকাৰে মাছৰ জৰিয়তে একাংশ লোকে কেনেধৰণে ব্যঞ্জন তৈয়াৰ কৰিব পাৰে, সেই কথা উল্লেখ কৰে৷ সভাত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই মাছৰ খেতি সম্পৰ্কে ব্যাখ্যা কৰি কেনেধৰণেৰে কোটিটকীয়া অভিলাষী আঁচনি থকা সত্বেও সেই আঁচনি ৰূপায়ন নোহোৱাৰ বাবে ৰাজ্যৰ মীন বিভাগে লোকচানৰ সন্মুখীন হয় সেই কথা উল্লেখ কৰে৷

মৰিগাঁও আৰু কামৰূপ (গ্ৰাম্য) জিলাত ৰাজ্যখনৰ ভিতৰতে অধিক মান পালন সম্ভৱ বুলি দোহাৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে আশীৰ দশকত সেই সময়ৰ একমাত্ৰ মীন উৎপাদনকাৰী হিচাপে তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰি ৰাজ্যৰ বাহিৰৰ পৰা মাছ আমদানি কৰিবলগীয়া হোৱা কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰে৷ তেওঁ ইয়াকো কয় যে জোঙাল বলহুৰ দৰে ফিচাৰীত যিধৰণে চৰকাৰে মাছ উৎপাদন কৰিব পাৰিলেহেঁতেন, সেই ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে৷

বিশিষ্ট সাংবাদিক অদীপ ফুকনে পূৰ্বৰ মাছৰ উৎপাদন আৰু বৰ্তমান সময়ত মাছৰ উৎপাদনৰ তথ্য দাঙি ধৰি মীন বিভাগৰ কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰে৷ তেওঁ মান পালনৰ জৰিয়তে অসমৰ থলুৱা গাঁওসমূহত যুৱকসকল স্বাৱলম্বী হ'বৰ বাবে মীন বিভাগে ব্যৱস্থা হাতত ল'ব লাগিব বুলি মন্তব্য কৰে৷ প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক খগেন কলিতায়ো মীন পালনৰ জৰিয়তে এখন সমাজ কেনেদৰে স্বাৱলম্বী হ'ব পাৰে, সেই কথা উল্লেখ কৰে৷

এই সভাৰ মাজতে অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণো কৰা হয়৷ মাছেৰে ব্যঞ্জন ৰন্ধাৰ এই প্ৰতিযোগিতাত ১২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল৷ ইয়াৰে জোন বড়োৱে প্ৰথম পুৰস্কাৰ আৰু ৰিংকুমণি দেউৰীয়ে দ্বিতীয় পুৰস্কাৰ লাভ কৰে৷ মুঠ তিনিগৰাকী প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা এই প্ৰতিযোগিতাখনত অংশ লোৱা ৰাজ্যৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীসকলে বিভিন্ন সুস্বাদু মাছেৰে বনোৱা খাদ্য সম্ভাৰ প্ৰস্তুত কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in