বনগাঁওৰ সমাজকৰ্মী দুলাল চন্দ্ৰ পালৰ আদ্যশ্ৰাদ্ধ,স্মৃতিচাৰণ সভাত স্মৃতিগ্ৰন্থ উন্মোচন…

বনগাঁওৰ সমাজকৰ্মী দুলাল চন্দ্ৰ পালৰ আদ্যশ্ৰাদ্ধ,স্মৃতিচাৰণ সভাত স্মৃতিগ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বনগাঁওৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত দুলাল চন্দ্ৰ পালৰ দেওবাৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে । বনগাঁও জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি আৰু বিভিন্ন সমাজ-সংগঠনৰ সৈতে জৰিত দুলাল চন্দ্ৰ পালৰ যোৱা ২০ ফেব্ৰুৱাৰী হৃদজনিত ৰোগত প্ৰায় ৭০ বছৰ বয়সত মৃত্যু হয় ।

দেওবাৰে তেখেতৰ বাসগৃহত আদ্যশ্ৰাদ্ধ উপলক্ষে প্ৰথমতে সহধৰ্মিনী কানন পালে স্বামীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে । শিক্ষক তথা স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি দেৱেন চন্দ্ৰ বড়োৰ সভাপতিত্বত এখন স্মৃতিচাৰণ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । সেই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বনগাঁও ক্ৰীড়া সন্থাৰ সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়া, শান্তি নিজৰা ক্লাৱৰ সভাপতি ৰাজেন্দ্ৰ চৌধুৰী, বনগাঁও জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কমলেশ্বৰ দাস, তেখেতৰ অন্তৰঙ্গ বন্ধু ডম্বৰুধৰ ৰাভা, ব্যৱসায়ী তপন পণ্ডিত, নৱকান্ত ৰাভাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ।

জয়ন্ত মেধিৰ সম্পাদনাত প্ৰকাশ কৰা ' স্মৃতিৰ সঁফুৰা'- শীৰ্ষক স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে শান্তি নিজৰা ক্লাৱৰ সভাপতি ৰাজেন্দ্ৰ চৌধুৰীয়ে। উল্লেখযোগ্য যে ১৯৫০ ইং বৰ্ষত জন্ম গ্ৰহণ কৰা বিশিষ্ট সমাজকৰ্মী দুলাল চন্দ্ৰ পালৰ ঘৰ বনগাঁওৰ লামগাঁৱত। তেখেতৰ মৃত্যুত অঞ্চলটোৰ ৰাইজে এগৰাকী নিস্বাৰ্থ সমাজসেৱাক হেৰুৱালে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in