কিছু সময়ৰ পাছতেই ভাৰতে লাভ কৰিব প্রথমখন ৰাফেল যুঁজাৰু বিমান…

কিছু সময়ৰ পাছতেই ভাৰতে লাভ কৰিব প্রথমখন ৰাফেল যুঁজাৰু বিমান…

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাই আৰু কিছু সময়ৰ পাছতে লাভ কৰিব প্ৰথমখন ৰাফেল যুঁজাৰু বিমান। এই বিমান গ্ৰহণ কৰিবলৈ খোদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হৈছে ফ্ৰান্সত। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ বায়ু সেনাৰ যুঁজাৰু বিমানত উঠি ৰাফেল নিৰ্মাণ কৰা ফেক্টৰীত উপস্থিত হয়।

ৰাজনাথ সিঙে ফেক্টৰীটো সম্পূৰ্ণ পৰ্যবেক্ষণ কৰে। উল্লেখ্য যে, কিছু সময়ৰ পাছতেই আনুষ্ঠানিকভাৱে ফ্ৰান্সে ভাৰতক দিব প্রথমখন ৰাফেল যুঁজাৰু বিমান। প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে দশমীৰ এই শুভ ক্ষণত ফ্ৰান্সৰ ৰাজধানী পেৰিচত ভাৰতীয় পৰম্পৰা অনুসৰি ৰাফেলৰ পূজা-অৰ্চনা কৰিব।

জনাই দিও যে, ৰাফেল হ'ল এখন অত্যাধুনিক প্ৰযুক্তিযুক্ত এখন যুঁজাৰু বিমান। আৰু এই বিমানখন লাভ কৰাৰ পাছত ভাৰতৰ বায়ু সেনা আৰু অধিক শক্তিশালী হৈ পৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in