জনশূণ্য ৰাজপথ! লকডাউনৰ প্ৰতি দেশবাসীৰ সমৰ্থন, গুৱাহাটীত অত্যাৱশ্যকীয়-জৰুৰীকালীন সেৱাৰ লোকহে ওলাইছে বাহিৰলৈ…

জনশূণ্য ৰাজপথ! লকডাউনৰ প্ৰতি দেশবাসীৰ সমৰ্থন, গুৱাহাটীত অত্যাৱশ্যকীয়-জৰুৰীকালীন সেৱাৰ লোকহে ওলাইছে বাহিৰলৈ…

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়চোৱাত অচল হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ৰাজপথ। জৰুৰীকালীন সেৱাৰ লোক-বাহনৰ বাদে আন কোনো লোকে ৰাজপথলৈ ওলাই আহিব পৰা নাই। এতিয়া কোৰোনা ভাইৰাছৰ সন্ত্ৰাসত ত্ৰস্তমান দেশবাসী। দিনক দিনে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। যাৰ বাবে অসম চৰকাৰে মঙলবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা লকডাউন ঘোষণা কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে ২১ দিনলৈ লকডাউন ঘোষণা কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইয়া দেশবাসীয়ে বুজি উঠাৰ সময়, এইকেইদিন বাহিৰৰ জীৱন পাহৰি যাওক বুলি উল্লেখ কৰি সকলো লোককে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছতে আৰক্ষীও তৎপৰ হৈছে। সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে লকডাউন ভংগ কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা লৈছে।

গহপুৰ, বিশ্বনাথ চাৰিআলি, গুৱাহাটী, গোলাঘাট ইত্যাদিকে আদি কৰি বিভিন্ন প্ৰান্তত আৰক্ষীয়ে লাঠিচালনা কৰিছে। এই সময়চোৱাত অৱশ্যে খোলা আছে গেলামাল, শাক-পাচলি, মাছ-মাংস, গাখীৰৰ ব্যৱসায়। গুৱাহাটীতো পুৱাৰে পৰা আৰক্ষীয়ে বিভিন্ন স্থানত বাহনৰ তালাচী আৰম্ভ কৰিছে। বিনা কাৰণত কোনো লোককে ওলাই নাহিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে।

গুৱাহাটীৰ জু-ৰোডতো পুৱাৰে পৰা আৰক্ষীয়ে তালাচী আৰম্ভ কৰিছে। লকডাউন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। লকডাউনৰ সময়চোৱাত জৰুৰীকালীন সেৱা তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনৰ বাদে আন লোকক যাবলৈ দিয়া হোৱা নাই। ইফালে এই সময়চোৱাতে গুৱাহাটী মহানগৰীত একাংশ লোকে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে। পুৱাৰে পৰা অকাৰণত নিজ বাহনেৰে ওলাই গৈ একাংশ লোকে আৰক্ষীকো বিপদত পেলাইছে। কোনো-কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈও জীৱশ্ৰেষ্ঠ মানুহক শিকাবলগীয়া হোৱাটো দুৰ্ভাগ্যৰ বিষয় বুলি মন্তব্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in