তিনি তালাকৰ প্ৰথমটো গোচৰ, স্বামীয়ে হোৱাটছ এপ যোগে দিছিল তালাক…

তিনি তালাকৰ প্ৰথমটো গোচৰ, স্বামীয়ে হোৱাটছ এপ যোগে দিছিল তালাক…

ডিজিটেল ডেস্কঃ তিনি তালাক আইনত পৰিণত হোৱাৰ পাছত দিল্লীত ৰুজু হৈছে প্ৰথমটো গোচৰ। ৱাদ্ৰা হিন্দু ৰাৱ থানাত ৰুজু হোৱা এই গোচৰটো তৰিছে ৰাইমা য়ঙ্গিয়া নামৰ এগৰাকী মহিলাই। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে, তেঁওৰ স্বামীয়ে হোৱাটছ এপ যোগে তেঁওৰ লগত বিবাহ বিচ্ছেদ কৰিছে। ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামীক।

দিল্লীৰ কমলা নগৰৰ নিৱাসী আকিব ছমীম নামৰ এই লোকজনৰ সৈতে মহিলাগৰাকীৰ বিয়া হৈছিল ২০১১ চনত। যোৱা শুকুৰবাৰে অভিযুক্ত আকিব ছমীমে পত্নীক হোৱাটছ এপত তিন তালাক লিখি বিবাহ বিচ্ছেদ কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে স্বামী আকিব ছমীমে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in