পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হ’ল অসমৰ ‘ৰঙা চাউল’…

পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হ’ল অসমৰ ‘ৰঙা চাউল’…

ডিজিটেল ডেস্ক : আমেৰিকালৈ ৰপ্তানি কৰা হ'ল অসমৰ 'ৰঙা চাউল ' । ভাৰতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ চাউল ৰপ্তানিৰ ক্ষেত্ৰত এক বৃহত পদক্ষেপ গ্ৰহন কৰিছে । পোন প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে অসমৰ ৰঙা চাউল অমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয় ।

কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত লো-সমৃদ্ধ 'ৰঙা চাউল' খেতি কৰা হয়। চাউলৰ প্ৰকাৰক 'বাও-ধান' বুলি কোৱা হয়, যি হৈছে অসমীয়া খাদ্যৰ এক অবিচ্ছেদ্য অংশ।এই ৰঙা চাউল ৰপ্তানি কৰে এলটি ফুড নামৰ কোম্পানীটোৱে ।

এই ৰঙা চাউল ৰপ্তানি কৰা অনুষ্ঠানটোত ফ্লেগ অফ অনুষ্ঠান অনুষ্ঠিত হয় হাৰিয়ানাত । হাৰিয়ানাৰ ছোনেপত কৃষি আৰু প্ৰক্ৰিয়াজাত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ (এপিডিএ) অধ্যক্ষ ড০ এম আনগামুথুৱে এই ৰপ্তানি অনুষ্ঠানৰ মুকলি কৰে ।

ইপিনে 'ৰঙা চাউল'ৰ ৰপ্তানি বৃদ্ধি হোৱাৰ লগে লগে, ই ব্ৰহ্মপুত্ৰ উপত্যাকাৰ কৃষক পৰিয়ালৰ উপাৰ্জন বৃদ্ধি কৰিব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে মন্তব্য কৰে । বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাণিজ্য বিভাগৰ অধীনত অহা এপিডিএয়ে বিভিন্ন অংশীদাৰ সকলৰ সহযোগিতাৰ জৰিয়তে চাউল ৰপ্তানিৰ প্ৰচাৰ কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in